মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »কোৰোণামুক্ত হৈয়ে কাৰ্তিক আৰয়ানে ঘৰলৈ আনিলে নতুন সদস্য, দাম ৪.৫ কোটি!

কোৰোণামুক্ত হৈয়ে কাৰ্তিক আৰয়ানে ঘৰলৈ আনিলে নতুন সদস্য, দাম ৪.৫ কোটি!

কোৰোণা টেষ্ট নিগেটিভ অহা কাৰ্তিক আৰয়ানে ইনষ্টাগ্ৰামত নিজেই শ্বেয়াৰ কৰিছিল এই খবৰ।

কোৰোণা টেষ্ট নিগেটিভ অহা কাৰ্তিক আৰয়ানে ইনষ্টাগ্ৰামত নিজেই শ্বেয়াৰ কৰিছিল এই খবৰ।

কোৰোণা টেষ্ট নিগেটিভ অহা কাৰ্তিক আৰয়ানে ইনষ্টাগ্ৰামত নিজেই শ্বেয়াৰ কৰিছিল এই খবৰ।

  • Share this:
কোৰোণামুক্ত হৈয়ে ঘৰলৈ নতুন সদস্য আনিলে কাৰ্তিক আৰয়ানে। সোমবাৰে অভিনেতাজনে কোৰোণামুক্ত হোৱা বুলি খবৰ দিছে। তাৰ পিছতে ঘৰলৈ আনিলে ৪.৫ কোটি টকা মূল্যৰ নতুন সদস্য।

কোৰোণা টেষ্ট নিগেটিভ অহা কাৰ্তিক আৰয়ানে ইনষ্টাগ্ৰামত নিজেই শ্বেয়াৰ কৰিছিল এই খবৰ। ‘লাভ আজ কল’ৰ অভিনেতাজনে এখন ছেলফভি শ্বেয়াৰ কৰি লিখিছিল, ‘নিগেটিভ... ১৪ দিনৰ বনবাস শেষ, কামলৈ ওভতাৰ সময়।’’ কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত ১৪ দিন হোম কোৱাৰেণ্টাইন হৈ আছিল কাৰ্তিক।

আৰু এইবাৰ ‘বনবাস’ৰ পৰা মুক্ত হৈয়েই ঘৰলৈ কাৰ্তিকে লৈ আহিল নতুন সদস্যক, ৪.৫ কোটি টকাৰ লেম্বৰঘিনি (Lamborghini Urus)। বলীউদত এই গাড়ীখন আছে ৰণবীৰ সিং আৰু ৰোহিত শেট্টীৰ। ৰণবীৰৰ গাড়ীখন ব’ল্ড ৰেড আৰু ৰোহিতৰ হালধীয়া। কিন্তু কাৰ্তিকৰ ইটালিয়ান স্প’ৰ্টছ এছ ইউ ভি গাড়ীখন ক’লা ৰঙৰ।


গাড়ীখন কিনাৰ পিছতে এটা ভিডিঅ’ নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছে কাৰ্তিকে। তাত দেখা গৈছে গাড়ীৰ শ্ব’ৰুমত যেতিয়া বিলাসী গাড়ীখনৰ সৈতে অভিনেতাজনে প’জ দিছে, ঠিক সেই সময়তে এটা বেলুন ফুটি যায়। আৰু তাৰ ভিতৰত থকা নানা ৰঙৰ কাগজৰ টুকুৰাবোৰ সঁচৰতি হৈ পৰে। ইয়াতে উচপ খাই উঠে কাৰ্তিক আৰয়ানে। ভিডিঅ’ শ্বেয়াৰ কৰি কাৰ্তিকে লিখিছে, ‘কিনি পেলালো। কিন্তু মাই চাগে দামী সামগ্ৰীৰ বাবে তৈয়াৰেই হোৱা নাই।’

শেহতীয়া বাতৰি