Viral Photo: মালাইকা আৰোৰা আৰু কৰিশ্মা কাপুৰৰ সৈতে কৰীনা কাপুৰৰ নাইট পাৰ্টী

News18 Assam | News18-Assam
Updated:January 12, 2021, 3:27 PM IST
Viral Photo: মালাইকা আৰোৰা আৰু কৰিশ্মা কাপুৰৰ সৈতে কৰীনা কাপুৰৰ নাইট পাৰ্টী
আচলতে অনুমান কৰা হৈছে যে শীঘ্ৰে নিজৰ নতুন ঘৰলৈ স্থানান্তৰ হ’ব কৰীনা, যিটো ফৰচুন এপাৰ্টমেণ্টত আছে।

আচলতে অনুমান কৰা হৈছে যে শীঘ্ৰে নিজৰ নতুন ঘৰলৈ স্থানান্তৰ হ’ব কৰীনা, যিটো ফৰচুন এপাৰ্টমেণ্টত আছে।

  • Share this:
শীঘ্ৰে মা হ’বলৈ ওলাইছে কৰীনা কাপুৰ খান। বৰ্তমান সময়ত কৰীনাই নিজৰ সময় উপভোগ কৰিছে। নিজৰ পছন্দৰ খাদ্যৰ পৰা বন্ধুবৰ্গৰ সৈতে ঘূৰা–ফুৰালৈ সকলো কৰিছে কৰীনাই। কিছুদিন পূৰ্বে কৰীনাই নিজৰ বেষ্টফ্ৰেণ্ড অমৃতা আৰোৰাৰ ঘৰত আনন্দৰ মুহূৰ্ত কটোৱাৰ পিছত বৰ্তমান শেহতীয়াকৈ বন্ধুবৰ্গৰ সৈতে ‘পাজামা পাৰ্টী’ কৰা দেখা গ’ল। এই ব্যক্তিগত পাৰ্টীৰ ফটো পোহৰলৈ আহিছে য’ত কৰীনাৰ সৈতে মালাইকা আৰোৰা, অমৃতা আৰোৰা, মল্লিকা ভাট আৰু কৰীনাৰ ভগ্নী কৰিশ্মা কাপুৰক নাইট শ্বুটত দেখা গৈছে।

এই পাৰ্টীত ৫ বান্ধৱীক দেখা গৈছে আৰু আটাইকেইগৰাকীয়ে একে ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। কৰীনা কাপুৰে এই ফটো শ্বেয়াৰ কৰি লিখিছে, It’s been a FORTUNE of memories... on to the next... to new beginnings’










View this post on Instagram






A post shared by Kareena Kapoor Khan (@kareenakapoorkhan)




আচলতে অনুমান কৰা হৈছে যে শীঘ্ৰে নিজৰ নতুন ঘৰলৈ স্থানান্তৰ হ’ব কৰীনা, যিটো ফৰচুন এপাৰ্টমেণ্টত আছে। খবৰ ওলাইছে যে কৰীনাই দ্বিতীয় সন্তান জন্মৰ পূৰ্বে এই এপাৰ্টমেণ্টলৈ যাব। উল্লেখযোগ্য যে ছেইফে ১২ আগষ্টত কৰিনা মাতৃ হ’বলৈ ওলোৱাৰ কথা ঘোষণা কৰিছিল।
Published by: Sanjay Kumar Das
First published: January 12, 2021, 3:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading