নৱজাতক পুত্ৰ সন্তানক লৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল কৰীণা কাপুৰ খান

২১ ফেব্ৰুৱাৰীৰ পৰা চিকিৎসালয়ত দুটাকৈ দিন কটোৱাৰ পিছত কৰীণাক আজি চিকিৎসালয়ৰ পৰা নিজৰ ঘৰলৈ যাবলৈ দিয়া হৈছে।
২১ ফেব্ৰুৱাৰীৰ পৰা চিকিৎসালয়ত দুটাকৈ দিন কটোৱাৰ পিছত কৰীণাক আজি চিকিৎসালয়ৰ পৰা নিজৰ ঘৰলৈ যাবলৈ দিয়া হৈছে।
- News18 Assam
- Last Updated: February 23, 2021, 4:58 PM IST
বলিউদৰ তাৰকা কৰীণা কাপুৰ খানে ২১ ফেব্ৰুৱাৰীত ব্ৰীচ কেণ্ডি হাস্পতালত দ্বিতীয় সন্তানৰ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰে। দ্বিতীয়বাৰৰ বাবে এটি পুত্ৰ সন্তানৰ অভিভাৱকৰ গৌৰৱ অৰ্জন কৰে কৰীণা আৰু ছেইফে। ২০ ফেব্ৰুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কৰীণাক আৰু ২১ ফেব্ৰুৱাৰীত এটি পুত্ৰ সন্তানক জন্ম দিয়ে কৰীণাই।
২১ ফেব্ৰুৱাৰীৰ পৰা চিকিৎসালয়ত দুটাকৈ দিন কটোৱাৰ পিছত কৰীণাক আজি চিকিৎসালয়ৰ পৰা নিজৰ ঘৰলৈ যাবলৈ দিয়া হৈছে। তাৰ পিছতে এনেদৰে ছেইফ-কৰীণাৰ চাৰিজনীয়া পৰিয়ালটোক দেখিবলৈ পোৱা গ'ল গাড়ীত।

মাতৃত্বৰ গৌৰৱৰ মাজতে কৰীণা কাপুৰক আমিৰ খানৰ সৈতে 'লাল সিং চাদ্দা'ত দেখিবলৈ পোৱা যাব। টম হেক্সৰ হলীউদ ছবি 'ফ্ৰেষ্ট গামপ'ৰ ওপৰত আধাৰিত এই ছবিখন। কৰীণা কাপুৰ খানে লকডাউনৰ পিছতে চণ্ডীগড়ত ছবিখনৰ দৃশ্যগ্ৰহণ শেষ কৰিছিল। তদুপৰি, কৰীণাই তেওঁৰ প্ৰথমখন কিতাপ "কৰীণা কাপুৰ খানছ প্ৰেগনেনচি বাইবেল"ৰ ওপৰত কাম কৰি আছে, যি গৰ্ভৱতী মহিলাসকলৰ বাবে ৰচনা কৰা হৈছে। এই কিতাপখন বছৰৰ শেষলৈ মুকলি কৰা হ'ব।