সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলীউদৰ একাংশ ছবি নিৰ্মাতা, অভিনেতা আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। তাৰে ভিতৰত অন্যতম হ’ল ছবি নিৰ্মাতা কৰণ জোহৰ।
আনকি বলীউদৰো বহু অভিনেতা-অভিনেত্ৰীয়ে মুকলিলৈ সমালোচনা কৰিছে কৰণ জোহৰক। ফলত এতিয়া মানসিক ভাবে ভাঙি পৰিছে কৰণ জোহৰ। কৰণৰ এজন বন্ধুৱে কৈছে যে, ‘এতিয়া কান্দি কান্দি দিন পাৰ কৰিছে কৰণ জোহৰে। আনকি বন্ধু জনক কৰণ জোহৰে কৈছে- ‘মই কি কৰিলো, সকলোৱে মোক কিয় ইমান ঘৃণাৰ দৃষ্টিৰে চাইছে!’
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰ পৰা ‘নেপ’টিজিম বা স্বজন-তোষণৰ বিতৰ্ককলৈ তোলপাৰ লাগিছে বলীউদত। আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বলীউদৰ কিছু সংখ্যক তাৰকা অভিনেতা-অভিনেত্ৰী, চলচিত্ৰ নিৰ্মাতাৰ লগতে তেওঁলোকৰ সন্তান। ছচিয়েল মিডিয়াত আলিয়া ভাট, সোনম কাপুৰ, সোনাক্ষী সিনহা, কৰণ জোহৰ, ছলমান খানক বয়কট কৰিবলৈ আৰম্ভ হৈছে ব্যাপক জনমত।
ট্ৰ’লৰ সন্মুখীন হৈ বৰ্তমান ছচিয়েল মিডিয়াৰ কমেণ্ট চেকচন লিমিটেড কৰি দিছে কৰণ জোহৰ, আলিয়া ভাট, ছোনম কাপুৰ, কৰীণা কাপুৰ খানে। ‘বয়কট কৰণ জোহৰ’বৰ্তমান টুইটাৰৰ অন্যতম চৰ্চিত বিষয়। সোনাক্ষী সিনহাই আনকি নিজৰ টুইটাৰ একাউণ্ট ডি-এক্টিভ কৰি দিছে।
কৰণ জোহৰৰ বন্ধুৱে কয় যে, ‘কৰণৰ ঘনিষ্ঠ বহুজনক এতিয়া আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। যাৰফলত কৰণে নিজকে অপৰাধী যেন অনুভৱ কৰিছে। কৰণৰ তিনি বছৰীয়া যমজ সন্তান আছে। সন্তানক হত্যা কৰাৰো ধমক দিছে।’
সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত কৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছিল নে?
বন্ধু জনে কয় যে, ‘অধিবক্তাৰ পৰামৰ্শ অনুসৰি, এতিয়া কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে কৰণ। ইয়াৰ উপৰিও বৰ্তমান কৰণ জোহৰ কথা ক’ব পৰা অৱস্থাত নাই। সহ্যৰ সীমা পাৰ হৈ গৈছে। কৰণ একেবাৰে ভাঙি পৰিছে। কৰণলৈ ফোন কৰিলে এতিয়া এটা কথাই কয়, ‘মই কি কৰিলো? মোৰ বিৰুদ্ধে ইমান যে ঘৃণা।’
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|