নিজ কাৰ্যালয়লৈ আহি অথন্তৰ কংগনাৰ! ছচিয়েল মিডিয়াত ধাৰাসাৰ ট্ৰ'ল, গ্ৰেপ্তাৰৰ দাবী

News18 Assam | News18-Assam
Updated:June 9, 2021, 11:47 AM IST
নিজ কাৰ্যালয়লৈ আহি অথন্তৰ কংগনাৰ! ছচিয়েল মিডিয়াত ধাৰাসাৰ ট্ৰ'ল, গ্ৰেপ্তাৰৰ দাবী
কোৰোণাৰ বিভীষিকাৰ মাজতে মাস্ক নিপিন্ধাৰ বাবেই ছচিয়েল মিডিয়াত অথন্তৰৰ সন্মুখীন বলীউoৰ অভিনেত্ৰী কংগনা ৰাণাৱট।

কোৰোণাৰ বিভীষিকাৰ মাজতে মাস্ক নিপিন্ধাৰ বাবেই ছচিয়েল মিডিয়াত অথন্তৰৰ সন্মুখীন বলীউoৰ অভিনেত্ৰী কংগনা ৰাণাৱট।

  • Share this:
বলীউদৰ 'পাঙ্গা গাৰ্ল' কংগনা ৰাণাৱট (Kangana Ranaut)পুনৰ হিমাচলৰ পৰা আহি মুম্বাইত উপস্থিত হৈছে। মুম্বাইত উপস্থিত হোৱাৰ পিছতে তেওঁ পালি হিলস্থিত কাৰ্যালয়ত উপস্থিত হয়, য'ত বিগত বৰ্ষত বিএমচিয়ে (BMC) ৰাণাৱটৰ কাৰ্যালয় অবৈধ ঘোষণা কৰি বুলড'জাৰ চলাইছিল। লকডাউন (Lockdown)ত অলপ সকাহ পোৱাৰ পিছত কংগনাই এতিয়া কাৰ্যালয় পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। কিন্তু নিজৰ কাৰ্যালয় পুনৰ নিৰ্মাণৰ খতিয়ান ল'বলৈ আহি যেন এতিয়া বিপদতহে পৰিল এইগৰাকী অভিনেত্ৰী। কোৰোণাৰ এই বিভীষিকাৰ মাজতে যেতিয়া অভিনেত্ৰীগৰাকী তেওঁৰ কাৰ্যালয়ত উপস্থিত হৈছিল তেতিয়া তেওঁ মাস্ক পৰিধান কৰা নাছিল (Kangana Ranaut without Mask), মাস্ক পৰিধান নকৰাৰ এই দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই ট্ৰ'লৰ সন্মুখীন হ'ল বলীউদৰ এইগৰাকী মোহময়ী অভিনেত্ৰীগৰাকী।

দৰাচলতে কংগনা ৰাণাৱটে (Kangana Ranaut) তেওঁৰ ভাঙি পেলোৱা পৰিত্যক্ত কাৰ্যালয়টো পুনৰ নিৰ্মাণ কৰি আছে, আৰু এই কামৰে খতিয়ান ল'বলৈ তেওঁ পালি হিলস্থিত তেওঁৰ কাৰ্যালয়ত উপস্থিত হৈছিল। পালি হিলস্থিত কাৰ্যালয় পৰিদৰ্শনৰ সময়ত কংগনা ৰাণাৱটৰ ভিডিঅ' ইনষ্টাগ্ৰামত শ্বেয়াৰ হোৱাৰ পিছতেই মানুহে অভিনেত্ৰীগৰাকীক ট্ৰ'ল কৰিবলৈ আৰম্ভ কৰে কিয়নো ভিডিঅ'টোত কংগনাই মাস্ক নিপিন্ধা দৃশ্য স্পষ্টকৈ দেখা পোৱা গৈছিল।

কংগনা ৰাণাৱটে মাস্ক নিপিন্ধা বাবে এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লিখিছিল, 'সকলো নিয়ম আমাৰ বাবে, এইটোৰ চালান কিয় কটা হোৱা নাই।' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল- 'এওঁক গ্ৰেপ্তাৰ কৰক, মাস্ক অবিহনে তেওঁ ঘূৰি ফুৰিছে।' আন এজনে লিখিছিল, 'এই মহিলাগৰাকীয়ে কেতিয়াও মাস্ক কিয় পৰিধান নকৰে। এওঁৰ চানগ্লাছ পিন্ধিবলৈ মনত থাকে কিন্তু মাস্ক পিন্ধা কথাটো মনত নাথাকে।' ভাইৰেল হোৱা এই বিশেষ পোষ্টটোৰ কমেণ্টৰ তালিকাত প্ৰতি মুহূৰ্ততে দেখিবলৈ পোৱা গৈছে অভিনেত্ৰীগৰাকী থকা-সৰকা কৰা এনে মন্তব্য।










View this post on Instagram






A post shared by Viral Bhayani (@viralbhayani)






উল্লেখ্য যে, কংগনা ৰাণাৱট কেইসপ্তাহমান পূৰ্বে কোৰোণাক পৰাজিত কৰিছিল। শেহতীয়াকৈ কোৰোণাৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ পিছত তেওঁ কোভিডৰ পিছৰ সময়ছোৱাত স্বাস্থ্যৰ যতনৰ কাহিনীও শ্বেয়াৰ কৰিছিল আৰু কেনেদৰে আৰোগ্য হোৱাৰ পাছত নিজৰ স্বাস্থ্যৰ যত্ন ল'ব সেয়াও কৈছিল।

আগন্তুক সময়ছোৱাত কংগনা ৰাণাৱটক 'থালাইভি' বোলছবিখনত দেখা যাব। ছবিখন তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জে জয়াললিতাৰ জীৱনৰ ওপৰত আধাৰিত। কংগনা ৰাণাৱটক এই ছবিখনৰ উপৰিও 'তেজছ' আৰু 'ঢাকাদ'ৰ দৰে চলচ্চিত্ৰতো দেখা যাব।
Published by: Sanjay Kumar Das
First published: June 9, 2021, 11:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি