• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • মাধুৰী দীক্ষিতৰ পৰা ঐশ্বৰ্য ৰায়লৈ... এইসকল বলীউদ অভিনেত্ৰীয়ে লাভ কৰে অভিনেতাসকলতকৈ অধিক মাচুল

মাধুৰী দীক্ষিতৰ পৰা ঐশ্বৰ্য ৰায়লৈ... এইসকল বলীউদ অভিনেত্ৰীয়ে লাভ কৰে অভিনেতাসকলতকৈ অধিক মাচুল

বলীউদত এনে কেইগৰাকীমান অভিনেত্ৰী আছে যিয়ে অভিনেতাসকলতকৈ অধিক ধন লাভ কৰি আহিছে।

বলীউদত এনে কেইগৰাকীমান অভিনেত্ৰী আছে যিয়ে অভিনেতাসকলতকৈ অধিক ধন লাভ কৰি আহিছে।

বলীউদত এনে কেইগৰাকীমান অভিনেত্ৰী আছে যিয়ে অভিনেতাসকলতকৈ অধিক ধন লাভ কৰি আহিছে।

  • Share this:
বলীউদত অভিনেতাসকলে অভিনেত্ৰীতকৈ অধিক মাচুল লাভ কৰি আহিছে। যাক লৈ এতিয়ালৈকে বহু অভিনেত্ৰীয়ে আপত্তি দৰ্শাই আহিছে। এইবোৰৰ বিপৰীতে কিন্তু বলীউদত এনে কেইগৰাকীমান অভিনেত্ৰী আছে যিয়ে অভিনেতাসকলতকৈ অধিক ধন লাভ কৰি আহিছে। অভিনেত্ৰী ঐশ্বৰ্য ৰায়, মাধুৰী দীক্ষিতকে ধৰি কিছুমান সফল অভিনেত্ৰী আছে, যিয়ে এখন ছবিৰ বাবে ছবিখনৰ অভিনেতাগৰাকীতকৈ অধিক মাচুল লাভ কৰি আহিছে।

ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন: ৰিয়েল লাইভৰ স্বামী-স্ত্ৰী অভিষেক-ঐশ্বৰ্য সম্প্ৰতি নিজৰ বিবাহিত জীৱনক লৈ ব্যস্ত। ইতিমধ্যে এই দম্পতীহালৰ সুন্দৰ প্ৰদৰ্শন ছবিৰ পৰ্দাতো দেখিছে দৰ্শকসকলে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অভিষেকে এবাৰ এটা অনুষ্ঠানত প্ৰকাশ কৰিছিল যে ঐশ্বৰ্যক ছবিৰ বাবে তেওঁতকৈ বেছি দৰমহা দিয়া হৈছিল। তেওঁ কৈছিল, আমি একেলগে ৯খন ছবিত কাম কৰিছিলো, য'ত ৮খন ছবিতেই ঐশ্বৰ্যই মোতকৈ অধিক ধন লাভ কৰিছিল।



দীপিকা পাডুকন আৰু অমিতাভ বচ্চন : পৰ্দাত কৰা সুন্দৰ অভিনয়ৰ বাবে দীপিকা অতি জনপ্ৰিয়। তেওঁৰ অভিনয়ত মোহাচ্ছন্ন হৈ পৰে সকলো। তেওঁ বাজিৰাও মস্তানি, ছপাক, পদ্মাৱতৰ দৰে বহুতো হিট ছবিৰ অংশ হৈ আহিছে। তেওঁক অমিতাভ বচ্চনৰ সৈতে 'পিকু' ছবিতো দেখা গৈছিল। তেওঁ এই ছবিখনৰ বাবে বিগ বি অমিতাভ বচ্চনতকৈও অধিক ধন লাভ কৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অমিতাভে 'পিকু' বোলছবিখনৰ প্ৰচাৰৰ সময়ত প্ৰকাশ কৰিছিল যে তেওঁ 'পিকু'ৰ বাবে দীপিকাতকৈ কম ধন লাভ কৰিছিল।

ৰণবীৰ সিং আৰু দীপিকা পাডুকন: 'পদ্মাৱত' ছবিৰ বাবে ৰণবীৰ সিং আৰু শ্বাহিদ কাপুৰতকৈ অধিক ধন লাভ কৰিছিল দীপিকাই। ছবিখনৰ চৰিত্ৰটোৰ বাবে যথেষ্ট চৰ্চা লাভ কৰিছিল দীপিকাই।



কংগনা ৰাণাৱট আৰু ইমৰান খান : কংগনা ৰাণাৱটে ইমৰানৰ সৈতে 'কাট্টি বাট্টি' ছবিত কাম কৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কংগনাই ছবিখনৰ বাবে ইমৰানতকৈ অধিক মাচুল লাভ কৰিছিল।

মাধুৰী দীক্ষিত আৰু ছলমান খান : মাধুৰী দীক্ষিত বলীউদৰ এগৰাকী চৰ্চিত অভিনেত্ৰী আছিল। তেওঁক ছলমান খানৰ সৈতে "হাম আপকে হে কৌন" ছবিত দেখা গৈছিল। দৰ্শকসকলে তেওঁৰ প্ৰদৰ্শন খুব ভাল পাইছিল। জানিব পৰা মতে অনুপম খেৰে এবাৰ টুইট কৰিছিল যে ছলমান খানে "হাম আপকে হে কৌন" ছবিৰ বাবে মাধুৰীতকৈ কম ধন লাভ কৰিছিল।

কৰীণা কাপুৰ আৰু চেইফ আলী খান: এই দম্পতীহালক একেলগে 'কুৰবান' ছবিখনত দেখা গৈছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কৰীণা কাপুৰে ছবিখনৰ বাবে ছেইফতকৈ অধিক ধন লাভ কৰিছিল।
Published by:Sanjay Kumar Das
First published: