“ছবিত কাষ্ট কৰাৰ পূৰ্বে মোক কাপোৰ খুলি দেখুৱাবলৈ কৈছিল”- কাষ্টিং কাউচৰ বিষয়ে মুখ খুলিলে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰীয়ে

News18 Assam | News18-Assam
Updated:May 1, 2021, 4:28 PM IST
“ছবিত কাষ্ট কৰাৰ পূৰ্বে মোক কাপোৰ খুলি দেখুৱাবলৈ কৈছিল”- কাষ্টিং কাউচৰ বিষয়ে মুখ খুলিলে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰীয়ে
মিছ বিউটি টপ অৱ দ্য ৱৰ্ল্ড ২০১৯ খিতাপ অৰ্জন কৰা ঈশা আগৰৱাল পৰ্দালৈ অহাৰ আগতে কাষ্টিং কাউচ (Casting Couch)ৰ সন্মুখীন হ'বলগীয়া হৈছিল।

মিছ বিউটি টপ অৱ দ্য ৱৰ্ল্ড ২০১৯ খিতাপ অৰ্জন কৰা ঈশা আগৰৱাল পৰ্দালৈ অহাৰ আগতে কাষ্টিং কাউচ (Casting Couch)ৰ সন্মুখীন হ'বলগীয়া হৈছিল।

  • Share this:
জেকি শ্ৰফ আৰু সঞ্জয় কাপুৰৰ সৈতে 'কহি হে মেৰা প্যাৰ' বোলছবিখনত অভিনয় কৰা ঈশা আগৰৱাল (Eesha Agarwal) ছচিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। ঈশাই বলীউদৰ বেছি ছবিত অভিনয় কৰা নাই যদিও দক্ষিণৰ চলচ্চিত্ৰৰ জৰিয়তে মানুহৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকী।

মিছ বিউটি টপ অৱ দ্য ৱৰ্ল্ড ২০১৯ খিতাপ অৰ্জন কৰা ঈশা আগৰৱাল পৰ্দালৈ অহাৰ আগতে কাষ্টিং কাউচ (Casting Couch)ৰ সন্মুখীন হ'বলগীয়া হৈছিল। শেহতীয়াকৈ কাষ্টিং কাউচৰ বিষয়ে চাঞ্চল্যকৰ তথ্য উন্মোচন কৰিছে অভিনেত্ৰীগৰাকীয়ে।

জকমকীয়া পৃথিৱীৰ আঁৰৰ বাস্তৱতা কি, প্ৰায়ে তাৰকাসকলে এইটো প্ৰকাশ কৰে। পৰ্দালৈ অহাৰ আগতে বহুতো চেলিব্ৰেটী আছে যিয়ে কাষ্টিং কাউচৰ সন্মুখীন হৈছিল। অভিনেত্ৰী ঈশা আগৰৱালো (Eesha Agarwal) তাৰ মাজৰে এগৰাকী। অলপতে স্পটবয়ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কাষ্টিং কাউচৰ বিষয়ে প্ৰকাশ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

ঈশা আগৰৱালে কৈছিল যে, 'মনোৰঞ্জনৰ পৃথিৱীত মোৰ যাত্ৰা বৰ সহজ নহয়। মই ইয়াত বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। লাতুৰৰ দৰে এখন সৰু চহৰৰ পৰা অহা আৰু মুম্বাইৰ চহৰত নাম গঢ়াটো এটা প্ৰত্যাহ্বানতকৈ কম নহয়।'

ঈশাই কৈছিল যে, মুম্বাইলৈ অহাৰ পিছত, মই অনুভৱ কৰিছিলো যে, মই বাছনি কৰা পথটো সহজ নহয়। এবাৰ এজন কাষ্টিং ডিৰেক্টৰে মোক তেওঁৰ কাৰ্যালয়লৈ মাতিছিল। যেতিয়া মই মোৰ ভগ্নীৰ সৈতে তেখেতৰ কাৰ্যালয়ত উপস্থিত হৈছিলো, তেওঁ কৈছিল যে, 'তেওঁ বহুতো ডাঙৰ অভিনেতাক কাষ্ট কৰিছিল আৰু মোক এটা ভাল প্ৰজেক্ট দিব। কথা পাতি থাকোতে, তেখেতে হঠাতে মোক মোৰ কাপোৰ খুলিবলৈ কৈছিল কাৰণ তেখেতে মোৰ শৰীৰটো চাব বিচাৰিছিল।'

'মই কিবা কোৱাৰ আগতে, ডিৰেক্টৰজনে মোৰ শৰীৰলৈ চাই চৰিত্ৰটোৰ বাবে শৰীৰটো উপযুক্ত হয় নে নাই সেইটো জানিব বিচাৰে। এই কথা শুনি মোৰ বৰ খং উঠিছিল। মই লগে লগে তেখেতৰ প্ৰস্তাৱটো অস্বীকাৰ কৰিছিলো আৰু মোৰ ভনীৰ সৈতে ওলাই গৈছিলো। তাৰ পিছত তেখেতে মোক কেইবাদিনো মেছেজ প্ৰেৰণ কৰিছিল কিন্তু মই তেওঁক ব্লক কৰিছিলো।'-  এনেদৰে কয় অভিনেত্ৰীগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: May 1, 2021, 4:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি