ফিটনেছৰ বাবে অতিকৈ জনপ্ৰিয় তথা সদায়ে চৰ্চাত থকা বলীউদৰ অভিনেত্ৰীসকলৰ ভিতৰত দিশা পাটানী হৈছে অন্যতম। কম সময়ৰ ভিতৰতে দিশাই বলীউদত সফলতা অৰ্জন কৰাৰ লগতে বৰ্তমানে তেওঁ কেইবাটাও প্ৰজেক্টত কাম কৰি আছে। দিশা ছ’চিয়েল মিডিয়াতো অত্যন্ত সক্ৰিয়।
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এক ইণ্টাৰেক্টিভ চেশ্যনত অংশগ্ৰহণ কৰিছিল। য’ত তেওঁ নিজৰ অনুৰাগীসকলৰ সকলো প্ৰশ্নৰ উত্তৰ দিছিল।
দিশা পাটানীয়ে তেওঁৰ অনুৰাগীসকলক ফিটনেছৰ মন্ত্ৰ ভিন্ন সময়ত দি আহিছে। ইনষ্টাগ্ৰাম অফিচিয়েল একাউণ্টত ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰিও সকলোকে ফিট আৰু ষ্টাইলিছ হৈ থাকিবলৈ অনুপ্ৰাণিত কৰি আহিছে দিশাই। দিশাৰ একাউণ্টত এনে ফটো আৰু ভিডিঅ' আছে যি দেখিলে সহজে অনুমান কৰিব পাৰি যে, শৰীৰ ফিট ৰাখিবলৈ দিশাই কিমান কষ্ট কৰে ।
দিশাই শেহতীয়াকৈ 'Ask Me' নামৰ এটা Session কৰিছিল। য’ত তেওঁৰ ফিটনেছৰ ৰহস্য বিষয়ে সুধিছিল এগৰাকী অনুৰাগীয়ে ৷ তাৰ উত্তৰ এটা শব্দত দি দিশাই কৈছিল: "কঠোৰ পৰিশ্ৰম।" তদুপৰি, আন এগৰাকী অনুৰাগীয়ে সুধিছিল, আপুনি কিমান বয়সৰ পৰা Absৰ ওপৰত কাম কৰা আৰম্ভ কৰিছিল?" উত্তৰত দিশাই কৈছিল যে Absৰ কোনো গুৰুত্ব নাই, গুৰুত্ব প্ৰদান কৰক ফিটনেছৰ ওপৰত, আন সকলোবোৰ বোনাচত উপলব্ধ হ’ব।
উল্লেখ্য যে, দিশা পাটানীয়ে শেহতীয়াকৈ ডেনিম স্কাৰ্ট আৰু স্লিভলেছ কাট পোছাকত ফটো পোষ্ট কৰি সকলোৰে দৃষ্টি কাঢ়িছিল। সম্প্ৰতি দিশাই 'এক ভিলেইন ২' ত জন আব্ৰাহামৰ সৈতে কাম কৰি আছে । লগতে দিশাক ছলমান খানৰ সৈতে 'ৰাধে নামৰ ছবিখনতো দেখিবলৈ পোৱা যাব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|