Munna Bhai 3: চাৰ্কিটক লগত লৈ আহি আছে ‘মুন্নাভাই ৩’! কেতিয়া?

News18 Assam | News18-Assam
Updated:February 3, 2020, 11:18 AM IST
Munna Bhai 3: চাৰ্কিটক লগত লৈ আহি আছে ‘মুন্নাভাই ৩’! কেতিয়া?
আগন্তুক ছবি ‘শিকাৰা’ৰ প্ৰম’চনৰ সময়ত বিধু বিনোদ চোপ্ৰাই জনালে সঞ্জয় দত্ত আৰু আৰশ্বাদ ৱাৰ্শ্বি তেওঁৰ খুব ঘনিষ্ঠ।

আগন্তুক ছবি ‘শিকাৰা’ৰ প্ৰম’চনৰ সময়ত বিধু বিনোদ চোপ্ৰাই জনালে সঞ্জয় দত্ত আৰু আৰশ্বাদ ৱাৰ্শ্বি তেওঁৰ খুব ঘনিষ্ঠ।

  • Share this:
মুন্নাভাই এমবিবিএছৰ সাফল্য আৰু জনপ্ৰিয়তাৰ কথা বহলাই কোৱা নিষ্প্ৰয়োজন। একেই হিট আছিল ‘লাগে ৰাহো মুন্নাভাই’। মুন্নাভাই–চাৰ্কিটৰ যুঁটিক লৈ চিনেমাপ্ৰেমীৰ মাজত আদৰ যথেষ্ট। এই যুঁটি আকৌ ঘুৰি আহিব। পৰিচালক–প্ৰযোজক বিধু বিনোদ চোপ্ৰাই জনালে, অতি শীঘ্ৰেই আহি আছে মুন্নাভাই ৩। ছবিৰ স্ক্ৰীপ্ট ইতিমধ্যে প্ৰস্তুত হৈছে।

বিধু বিনোদ চোপ্ৰাৰ আগন্তুক ছবি ‘শিকাৰা’ই মুক্তি লাভ কৰিব শীঘ্ৰেই। সেই ছবিৰ প্ৰম’চনত বিধু বিনোদ চোপ্ৰাই কয়, সঞ্জয় দত্ত তথা আৰশ্বাদ ৱাৰ্শ্বি দুয়ো তেওঁৰ মনৰ খুব আপোন। খুব সম্ভৱ মুন্নাভাই চিৰিজৰ তৃতীয় ছবিৰ কাম আৰম্ভ হ’ব। ‘মই মুন্নাভাই নিৰ্মান কৰিব বিচাৰো। এইবাৰ অলপ মজাৰ ছবি নিৰ্মাণ কৰিম। বহু চিন্তা–চৰ্চা কৰি অৱশেষত এটা কাহিনীৰ আইডিয়া পাইছো মই।’

কাশ্মীৰি পণ্ডিতৰ ওপৰত চলা নিৰ্যাতনৰ কাহিনী ‘শিকাৰা’। ইয়াৰ পিছতে আৰম্ভ হ’ব মুন্নাভাই ৩ৰ কাম। উল্লেখযোগ্য যে সঞ্জয়ত্ত তথা আৰশ্বাদ ৱাৰ্শ্বি যেতিয়া থাকিব তাত পৰিচালক ৰাজকুমাৰ হিৰানী থাকিবনে? উত্তৰ বিধু বিনোদ চোপ্ৰাই কয়, ‘সঞ্জয় থাকিবই ছবিত। বাকীসকলো যিসকল আছিল সকলো থাকিব। ১০ ফেব্ৰুৱাৰীৰ পৰা এই ছবিৰ কামত হাত দিম। মনত আইডিয়া আছে, এতিয়া কাম কৰিব লাগিব। চিনেমাৰ কাম কেতিয়া শেষ হ’ব, সেয়া এতিয়াই ক’ব পৰা নাই।’

ৰাজকুমাৰ হিৰানী আৰু বিধু বিনোদ চোপ্ৰা।


উল্লেখযোগ্য যে, ২০০৩চনত মুুক্তি লাভ কৰিছিল ‘মুন্নাভাই MBBS’। ‘লাগে ৰহো মুন্নাভাই’ ৰিলীজ হৈছিল ২০০৬চনত। দুয়োখনেই পৰিচালনা কৰিছিল ৰাজকুমাৰ হিৰানীয়ে। হিৰানীয়ে পৰিচালনা কৰা অন্তিম ছবিখন আছিল সঞ্জয় দত্তৰ বায়’পিক ‘সঞ্জু’।
আৰু চাওক
পৰৱৰ্তী বাতৰি