Sushant Singh Rajput: সুশান্তৰ জীৱনক লৈ কৰা ছবিৰ মুক্তিত বাধা নাই, অভিনেতাজনৰ পিতৃৰ আবেদন খাৰিজ আদালতৰ

News18 Assam | News18-Assam
Updated:June 10, 2021, 5:18 PM IST
Sushant Singh Rajput: সুশান্তৰ জীৱনক লৈ কৰা ছবিৰ মুক্তিত বাধা নাই, অভিনেতাজনৰ পিতৃৰ আবেদন খাৰিজ আদালতৰ
সুশান্তৰ পিতৃ কে কে সিঙে আদালতত দাবী কৰিছিল যে পৰিয়ালৰ কোনো সন্মতি অবিহনেই এই ছবিখনৰ শ্বুটিং কৰা হৈছে।

সুশান্তৰ পিতৃ কে কে সিঙে আদালতত দাবী কৰিছিল যে পৰিয়ালৰ কোনো সন্মতি অবিহনেই এই ছবিখনৰ শ্বুটিং কৰা হৈছে।

  • Share this:
বিগত বৰ্ষৰ ১৪ জুনত মুম্বাইৰ ফ্লেটত উদ্ধাৰ হৈছিল বলীউদ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ। তাৰ পিছৰে পৰা বহু বিতৰ্ক পোহৰলৈ আহিছে। এই মৃত্যু হত্যা নে আত্মহত্যা তাক লৈ অন্ত পৰা নাই ৰহস্যৰ। সুশান্তৰ জীৱনক লৈ বলীউদত একাধিক ছবিও নিৰ্মাণৰ কথাও শুনা গৈছে। তেনেই এখন ছবি ‘ন্যায় : দ্য জাষ্টিচ (Nyay: The Justice) মুক্তিলাভ কৰাৰ কথা কাইলৈ অৰ্থাৎ ১১ জুনত। সেই ছবিখন মুক্তিৰ বিৰোধিতা কৰি আদালতত আবেদন জনাইছিল সুশান্তৰ পিতৃ কৃষ্ণ কিশোৰ সিঙে। কিন্তু দিল্লী হাই ক’ৰ্টে বৃহস্পতিবাৰে সেই আবেদন খাৰিজ কৰে। এই ছবিখন সুশান্তৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছে।

সুশান্তৰ পিতৃ কে কে সিঙে আদালতত দাবী কৰিছিল যে পৰিয়ালৰ কোনো সন্মতি অবিহনেই এই ছবিখনৰ শ্বুটিং কৰা হৈছে। আনকি ছবিখনত সুশান্তই আত্মহত্যা কৰা বুলিও দেখুওৱা হৈছে, যিটো অতিৰঞ্জিত বুলি ভাৱে পৰিয়ালে। যিহেতু সুশান্তৰ মৃত্যুৰ গোচৰ এতিয়াও বিচাৰাধীন, সেয়ে এই ছবিখনৰ মুক্তিত নিষেধাজ্ঞা আৰোপ কৰিব লাগে বুলি আবেদন কৰিছিল সুশান্তৰ পিতৃ কে কে সিঙে। কিন্তু সেই আ‍বেদন খাৰিজ কৰিছে দিল্লী হাই ক’ৰ্টৰ ন্যায়াধীশ সঞ্জীৱ নাৰুলাই।

আদালতৰ এই সিদ্ধান্তত ছবিখনৰ প্ৰযোজক আৰু পৰিচালক পক্ষৰ অধিবক্তা এ পি সিংহ উৎফুল্লিত হৈ পৰে। তেওঁ কয়, আমাৰ বাবে আদালয়ৰ এই পদক্ষেপ খুবেই আনন্দৰ।
Published by: Sanjay Kumar Das
First published: June 10, 2021, 5:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি