মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»কোনো কাৰণ নোহোৱাকৈ ৰাজপথত টহল দিছিল টাইগাৰ শ্ৰফে! ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত ৰুজু হ'ল গোচৰ

কোনো কাৰণ নোহোৱাকৈ ৰাজপথত টহল দিছিল টাইগাৰ শ্ৰফে! ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত ৰুজু হ'ল গোচৰ

News18 Assam | News18-Assam
Updated:June 3, 2021, 1:27 PM IST
কোনো কাৰণ নোহোৱাকৈ ৰাজপথত টহল দিছিল টাইগাৰ শ্ৰফে! ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত ৰুজু হ'ল গোচৰ
বান্দ্ৰা বাছষ্টেণ্ডৰ চাৰিওফালে একেখনে গাড়ীতে ফুৰি আছিল দিশা পাটানী আৰু টাইগাৰ শ্ৰফ।

বান্দ্ৰা বাছষ্টেণ্ডৰ চাৰিওফালে একেখনে গাড়ীতে ফুৰি আছিল দিশা পাটানী আৰু টাইগাৰ শ্ৰফ।

  • Share this:
বলীউদ অভিনেতা টাইগাৰ শ্ৰফৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। কোনো কাৰণ নোহোৱাকৈ ৰাজহুৱা স্থানত ঘূৰি ফুৰাৰ বাবেই মহামাৰীৰ নিয়ম উলংঘা কৰাৰ অপৰাধত ৰুজু কৰা হৈছে গোচৰ। এই তথ্য স্পষ্ট কৰে মুম্বাইৰ এগৰাকী আৰক্ষী বিষয়াই। আৰক্ষীয়ে উল্লেখ কৰিছিল যে মুম্বাইত দুপৰীয়া ২ বজাৰ পিছত কোনো কাৰণ নোহোৱাকৈ ঘূৰি ফুৰাৰ ক্ষেত্ৰত আছে নিষেধাজ্ঞা, কিন্তু জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফক সন্ধিয়ালৈকে বান্দ্ৰা বাছ ষ্টেণ্ডৰ ওচৰত অকাৰণত ঘূৰি ফুৰা দেখা গৈছিল। বিষয়াজনে উল্লেখ কৰে যে, তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দিশা পাটানী আৰু টাইগাৰ শ্ৰফে মঙলবাৰে আবেলি জিমৰ পৰা উভতি অহাৰ পিছত একেখন গাড়ীতে মুম্বাইৰ বান্দ্ৰা বাছ ষ্টেণ্ডৰ চাৰিওফালে ঘূৰি আছিল আৰু সেই সময়তে মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ গাড়ী ৰখাই সোধা-পোছা কৰিছিল। সেইসময়ত টাইগাৰ আছিল গাড়ীখনৰ পিছফালৰ আসনত আৰু দিশা পাটানী সন্মুখৰ আসনত বহি আছিল।

উল্লেখ্য যে, টাইগাৰ শ্ৰফে বৰ্তমান তেওঁৰ আটাইতকৈ প্ৰতীক্ষিত ছবি 'হিৰোপান্তি ২' (Heropanti 2) ৰ বাবে সাজু হৈ আছে। খবৰ অনুসৰি, টাইগাৰৰ উপৰিও নৱাজুদ্দিন ছিদ্দিকীকো দেখা যাব এই ছবিখনত। ছবিখনত খলনায়কৰ এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে নৱাজুদ্দিন ছিদ্দিকীয়ে। টাইগাৰ শ্ৰফ আৰু নৱাজুদ্দিন চিদ্দিকী দুয়ো পূৰ্বেও একেলগে কাম কৰিছিল। দুয়োজনে 'মুন্না মাইকেল' নামৰ ছবিখনত একেলগে অভিনয় কৰিছিল। 'হিৰোপান্তি ২' (Heropanti 2) চলচ্চিত্ৰখনৰ ঘোষণাৰ পিছত অনুৰাগীসকলে ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

আনহাতে, দিশা পাটানীক শেহতীয়াভাৱে ছলমান খানৰ সৈতে 'ৰাধে' ছবিত দেখা গৈছিল। দিশা পাটানীয়ে এতিয়ালৈকে ৬খন হিন্দী ছবিত অভিনয় কৰিছে, এম এছ ধোনীঃ দ্য আনট'ল্ড ষ্টৰী (২০১৬), বাগী ২ (২০১৮), ভাৰত (২০১৯), মলং (২০২০), বাগী ৩ (২০২০) আৰু ৰাধে (২০২১), এই ৬খন চলচ্চিত্ৰৰ জৰিয়তে তেওঁ বলীউডত এক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে এনে প্ৰভাৱ বিস্তাৰৰ বাবে বহু অভিনেত্ৰীক প্ৰয়োজন হৈছিল দীঘলীয়া সময়ৰ। পাটানীক ৰাধেত চলমান খানৰ বিপৰীতে দেখা গৈছিল। দুয়োৰে বয়সৰ মাজত ব্যৱধান আছে যদিও ছবিখনত তেওঁলোকৰ যুটী আছিল অনন্য।
Published by: Sanjay Kumar Das
First published: June 3, 2021, 1:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি