Birthday Special :নেপোটিজিমক অৰ্থহীন আখ্যা দিয়া অমিত ত্ৰিবেদীৰ জীৱন সলনি কৰিছিল “আমিৰে ” ...

News18 Assam | News18-Assam
Updated:April 8, 2021, 3:33 PM IST
Birthday Special :নেপোটিজিমক অৰ্থহীন আখ্যা দিয়া অমিত ত্ৰিবেদীৰ জীৱন সলনি কৰিছিল “আমিৰে ” ...
সংগীত পৰিচালক, সুৰকাৰ তথা কন্ঠশিল্পী অমিত ত্ৰিবেদীক 'শ্ৰেষ্ঠ সংগীতজ্ঞ'ৰ দৰে ৰাষ্ট্ৰীয় বঁটা (শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা)ৰে সন্মানিত কৰা হৈছিল । সংগীতৰ মাজতে জীৱন জীয়া আৰু মৃত্যুবৰণ কৰা অমিতৰ আজি জন্মদিন ৷

সংগীত পৰিচালক, সুৰকাৰ তথা কন্ঠশিল্পী অমিত ত্ৰিবেদীক 'শ্ৰেষ্ঠ সংগীতজ্ঞ'ৰ দৰে ৰাষ্ট্ৰীয় বঁটা (শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা)ৰে সন্মানিত কৰা হৈছিল । সংগীতৰ মাজতে জীৱন জীয়া আৰু মৃত্যুবৰণ কৰা অমিতৰ আজি জন্মদিন ৷

  • Share this:
জনপ্ৰিয় কন্ঠশিল্পী তথা সুৰকাৰ অমিত ত্ৰিবেদী বিষয়ে বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই ৷ চিৰসেউজ সংগীতজ্ঞগৰাকীৰ জন্ম ১৯৭৯ চনৰ ৮ এপ্ৰিলত মায়ানাগৰীৰ বান্দ্ৰা অঞ্চলত হৈছিল । অমিতৰ পৰিয়াল হৈছে গুজৰাটৰ স্থায়ী বাসিন্দা । অমিতে কলেজৰ দিনৰ পৰাই তেওঁৰ সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। চলচ্চিত্ৰ উদ্যোগত ভৰি দিয়াৰ আগতেই বহু এলবাম মুকলি কৰিছিল অমিতে।

থিয়েটাৰ, এড ফিল্ম আৰু অ-চলচ্চিত্ৰ এলবামতো সংগীতজ্ঞ হিচাপে কাম কৰি অমিত ত্ৰিবেদী যথেষ্ট পৰিপক্ক হৈ পৰিছিল। যদিও দেশৰ চলচ্চিত্ৰ উদ্যোগত নিজৰ দক্ষতাৰ পৰিচয় দিয়াৰ সুযোগ বিচাৰি আছিল অমিতে আৰু ২০০৮ চনৰ "আমিৰ" ছবিৰ পৰা এই সুযোগ লাভ কৰিছিল তেওঁ ৷ এই ছবিখনৰ জৰিয়তেই অমিতে সংগীতজ্ঞ হিচাপে বলীউডত প্ৰৱেশ কৰিছিল আৰু ছবিখনৰ সংগীতৰ বাবে সকলোৱে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল অমিত ।

২০০৯ চনত 'দেৱ ডি' বোলছবিৰ বাবে অনুৰাগ কাশ্যপে অমিত ত্ৰিবেদীক পুনৰ সংগীত ৰচনাৰ সুযোগ দিছিল । ছবিখনৰ সংগীত আৰু গীতবোৰ ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে তাৰ পাচত পুনৰ অমিতে আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল । 'দেৱ ডি' ছবিৰ পৰা তেওঁ জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হোৱাৰ লগতে ২০১০ চনত 'শ্ৰেষ্ঠ সংগীতজ্ঞ'ৰ দৰে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ইপিনে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত অমিত ত্ৰিবেদীয়ে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছিল । অমিতে কেইবাখনো সুশান্তৰ কেইবাখনো ছবিত গান গোৱাৰ লগতে গীত ৰচনা কৰিছিল । এটা সাক্ষাৎকাৰৰ সময়ত তেওঁ কৈছিল, “যেতিয়াই মই মঞ্চত এই গীত পৰিৱেশন কৰিম, তেতিয়াই প্ৰথম মোৰ মনলৈ আহিব সুশান্তৰ কথা । কাৰণ যিয়েই নহওঁক কিয়, কিন্তু তেওঁ এই পদক্ষেপ হাতত লৈছিল, কিন্তু মই আক্ষৰিকভাৱে ভাগি পৰিছিলো আৰু মোৰ হৃদয় ভাঙি পৰিছিল । সুশান্ত সিং ৰাজপুত আৰু চাৰা আলী খানে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবি 'কেদাৰনাথ'ৰ গীত 'নমো নমো শংকৰ'ৰ উপৰিও কেইবাটাও গীতত অমিত ত্ৰিবেদীয়ে কণ্ঠ দান কৰিছিল ।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত যেতিয়া স্বজনপোষণ অৰ্থাৎ নেপোটিজমৰ ওপৰত তীব্ৰ বিতৰ্ক চলি আছিল তেতিয়া অমিত ত্ৰিবেদীয়ে স্বজনতোষণক অৰ্থহীন বুলি বৰ্ণনা কৰিছিল। অমিতে কৈছিল, 'এয়া হৈছে আটাইতকৈ বেছি সময় নষ্ট কৰা বিষয়। সংগীত উদ্যোগত স্বজনপোষণৰ দৰে কোনো বস্তু নাই'।
First published: April 8, 2021, 3:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি