মনে মনে বিৰাট কোহলীৰ কাপোৰ কিয় পিন্ধে অনুষ্কা শৰ্মাই?

এই কেইদিন বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা ভূটান ভ্ৰমণত ব্যস্ত আছে

News18-Assam
Updated:November 8, 2019, 5:18 PM IST
মনে মনে বিৰাট কোহলীৰ কাপোৰ কিয় পিন্ধে অনুষ্কা শৰ্মাই?
এই কেইদিন বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা ভূটান ভ্ৰমণত ব্যস্ত আছে
News18-Assam
Updated: November 8, 2019, 5:18 PM IST
অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী এইকেইদিন ভূটান ভ্ৰমণত ব্যস্ত। আনকি বিৰাট কোহলীৰ জন্মদিনো ভূটানতে উদযাপন কৰিলে দুয়ো। দুয়ো ভূটানত পাৰ কৰা বিভিন্ন মুহূৰ্তৰ ফটো ছচিয়েল মিডিয়াত আপলোডো কৰিছে । এইসময়তে অনুষ্কা শৰ্মাৰ এটা সাক্ষাৎকাৰ বিশেষ চৰ্চালৈ আহিছে। য’ত ব্যক্তিগত জীৱনৰ বহু কথা মুকলিকৈ কৈছে অনুষ্কা শৰ্মাই। সাক্ষাৎকাৰটোত অভিনেত্ৰীগৰাকীয়ে বিৰাট কোহলীৰ কাপোৰ পিন্ধা বুলিও বিশেষ মন্তব্য কৰে।

অনুষ্কাই কয় যে, ‘আচলতে মই বিৰাট কোহলীৰ বহু কাপোৰ পিন্ধো। বিশেষকৈ টি–চাৰ্ট আৰু হাফ পেণ্ট। কেতিয়াবা জেকেটো পিন্ধো।  মই বিৰাটৰ কাপোৰ এইকাৰণেই পিন্ধো যে, তেনে কৰিলে বিৰাটে বৰ ভাল পায়।’ দৰাচলতে বিৰাট কোহলীৰ কাপোৰ পিন্ধা ফটো অনুষ্কাই নিজেও বহু বাৰ শ্বেয়াৰ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি