বিক্ৰী হ’ব অমিতাভ বচ্চনৰ গাড়ী, মূল্য কিমান?

অমিতাভৰ এখন পুৰণি Mercedes benz এখন এছ ক্লাছ গাড়ী প্ৰায় ১০ লাখ টকাত বিক্ৰীৰ বাবে ৰাখি থোৱা হৈছে OLXত।

Dulu Medhi | news18assam
Updated:June 12, 2019, 5:20 PM IST
বিক্ৰী হ’ব অমিতাভ বচ্চনৰ গাড়ী, মূল্য কিমান?
অমিতাভৰ এখন পুৰণি Mercedes benz এখন এছ ক্লাছ গাড়ী প্ৰায় ১০ লাখ টকাত বিক্ৰীৰ বাবে ৰাখি থোৱা হৈছে OLXত।
Dulu Medhi | news18assam
Updated: June 12, 2019, 5:20 PM IST
বলীউডৰ মহানায়ক অমিতাভ বচ্চন গাড়ীৰ বাবে কিমান আকৰ্ষিত অনুৰাগীয়ে হয়টো এইটো কথা ভালকৈ জানে। এফালে যদি তেওঁৰ আছে লাগজাৰী(Luxury) গাড়ীৰ এখন দীঘলীয়া তালিকা আনফালে ইণ্টাৰনেটত অভিনেতাগৰাকীৰ এখন বাহন বিক্ৰী কৰাৰ কথা দ্ৰুতগতিত বিয়পিছে চাৰিওফালে।

আচলতে, অমিতাভৰ এখন পুৰণি Mercedes benz এখন এছ ক্লাছ গাড়ী প্ৰায় ১০ লাখ টকাত বিক্ৰীৰ বাবে ৰাখি থোৱা হৈছে OLXত। ইয়াৰ পিছতে তেওঁৰ অনুৰাগীৰ মাজত এই গাড়ীখন ক্ৰয় কৰাৰ কথা যথেষ্ট আলোচনা হৈ আছে।



অমিতাভ বচ্চনৰ এই গাড়ীখন নূন্যতম মূল্যত পোৱাৰ কাৰণ এইটোৱে যে এই গাড়ীখন অমিতাভ বচ্চনে বহু বছৰ পূৰ্বে বিক্ৰী কৰিছিল আৰু বৰ্তমান এই গাড়ীখন যিজন ব্যক্তিয়ে সেইসময়ত ক্ৰয় কৰিছিল তেওঁ এতিয়া সেইখন বিক্ৰী কৰিবলৈ ওলাইছে। OLXত থকা এই গাড়ীখন আপুনি ৯.৯৯ লাখত ক্ৰয় কৰিব পাৰিব। মিডিয়া ৰিপ’ৰ্ট আৰু OLXত দিয়া তথ্য অনুসৰি এই গাড়ীখন অমিতাভ বচ্চনৰ গাড়ী বুলি কোৱা হৈছে।

 

আৰু চাওক পৰৱৰ্তী বাতৰি