ৰাজহুৱা মঞ্চত অভিনেত্ৰী আলিয়া ভাটে ক’লে অশ্লীল শব্দ, ছচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল

একো নাভাবি নিচিন্তি কথা কোৱাত পাকৈত বলীউডৰ অভিনেত্ৰী আলিয়া ভাট!

News18-Assam
Updated:October 16, 2019, 6:17 PM IST
ৰাজহুৱা মঞ্চত অভিনেত্ৰী আলিয়া ভাটে ক’লে অশ্লীল শব্দ, ছচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল
একো নাভাবি নিচিন্তি কথা কোৱাত পাকৈত বলীউডৰ অভিনেত্ৰী আলিয়া ভাট!
News18-Assam
Updated: October 16, 2019, 6:17 PM IST
একো নাভাবি নিচিন্তি কথা কোৱাত পাকৈত বলীউডৰ অভিনেত্ৰী আলিয়া ভাট!বিভিন্ন সময়ত নিজৰ কথা কাণ্ডৰ বাবে ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈ থাকে বলীউডৰ অভিনেত্ৰীগৰাকী। এইবাৰ আলিয়া ভাটে মঞ্চতে প্ৰয়োগ কৰিলে অশ্লীল শব্দ। এনে এক অশ্লীল শব্দ আলিয়া ভাটে প্ৰয়োগ কৰিলে যে, উপস্থিত দৰ্শকে অনুষ্ঠানটোৰ মাজতে হৈ–চৈ কৰা পৰিলক্ষিত হ’ল।

দৰচালতে দেওবাৰে আলিয়া ভাট, কৰিনা কাপুৰৰ সৈতে ‘Jio MAMI Movie Mela with Star’ ত উপস্থিত আছিল। অনুষ্ঠানটোত পৰিচালক কৰন জোহৰে আলিয়াক প্ৰশ্ন কৰাৰ পিছত, আলিয়াই কৰিনা কাপুৰক প্ৰশংসা কৰা দেখা পোৱা গৈছিল।

আলিয়াই কয় যে, ‘ কৰিনাই ইখনৰ পিছত সিখন ছবি কৰি গৈ আছে, মানুহে কয় যে, বিয়াৰ পিছত সকলোৰে জীৱনটো কিছু পৰিমানে শ্ল’ হৈ যায়, কিন্তু কৰিনা কাপুৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ল এই কথা। কৰিনা কাপুৰ সদায় মোৰ কাৰণে প্ৰেৰণা। যেতিয়াই মই কৰিনাৰ ফটো চাও, ভাবো যে, কৰিনা সঁচাই কিমান হট, কিমান ধুনীয়া। কৰিনা কাপুৰক যিকোনো পোছাক পিন্ধিলেই বৰ ধুনীয়া লাগে।’ এনেদৰে কৰিনাক প্ৰশংসা কৰি থাকোতেই আলিয়াৰ মুখৰ পৰা ওলাই গ’ল সেই বিশেষ শব্দটো। আলিয়াৰ মুখৰ পৰা তেনে এক অশ্লীল শব্দ শুনি উপস্থিত সকলোৱে হৈ–চৈ কৰা আৰম্ভ কৰে।

আৰু চাওক পৰৱৰ্তী বাতৰি