‘মোৰ ছোৱালীয়ে কি অপৰাধ কৰিলে, তাইৰ লগত যে এইবোৰ কৰা হৈছে’–অশান্ত হৈ পৰিল অজয় দেৱগন!

News18 Assam | News18-Assam
Updated:December 26, 2019, 6:29 PM IST
‘মোৰ ছোৱালীয়ে কি অপৰাধ কৰিলে, তাইৰ লগত যে এইবোৰ কৰা হৈছে’–অশান্ত হৈ পৰিল অজয় দেৱগন!
অজয় দেৱগনৰ জীয়ৰী ন্যাসা দেৱগন ছচিয়েল মিডিয়াত ট্ৰ’ল হ’ল

অজয় দেৱগনৰ জীয়ৰী ন্যাসা দেৱগন ছচিয়েল মিডিয়াত ট্ৰ’ল হ’ল

  • Share this:
বলীউদৰ অভিনেতা অভিনেত্ৰীৰ সন্তানো প্ৰায়ে চৰ্চাত থাকে ছচিয়েল মিডিয়াত। বিভিন্ন কাৰণত বলীউদৰ অভিনেতা–অভিনেত্ৰীৰ সন্তান ছচিয়েল মিডিয়াত ট্ৰ’ল হোৱাও দেখা যায়। অজয় দেৱগনৰ পিতৃ বীৰু দেৱগনৰ মৃত্যুৰ সময়ত, পৰিধান কৰা পোচাকৰ বাবে ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈছিল বলীউদৰ অভিনেতা অজয় দেৱগন আৰু অভিনেত্ৰী কাজলৰ জীয়ৰী ন্যাসা দেৱগন। জীয়ৰীক ট্ৰ’ল কৰা সন্দৰ্ভত এইবাৰ বিশেষ মন্তব্য প্ৰকাশ কৰিছে পিতৃ অজয় দেৱগনে।



অজয়ে কয় যে, ‘ এই ট্ৰ’ল কৰা সকলে নিজেই বুজা নাই, তেওঁলোকে কি কৰি আছে। আগতে এইবোৰ কথাত মই কোনো দিন মন্তব্য দিয়া নাই। কিন্তু এতিয়া মই এটা উদাহৰণ দিও। যেতিয়া মই মোৰ দেউতাক হেৰুৱালো, তাৰ দুদিন পিছলৈকে মোৰ ল’ৰা ছোৱালী অত্যন্ত দুখত আছিল। সেইসময়ত ঘৰ খন কেনেকুৱা হৈ থাকে সকলোৱে নিশ্চয় জানেই। ন্যাসাই তেতিয়া কান্দি আছিল, কিবা এটা কাৰণে মই তাইক ক’লো যে, তুমি বাহিৰৰ পৰা আহা। তাই যাব বিচৰা নাছিল কিন্তু তাইৰ মনতো অলপ ভাল হওক বুলি মই তেনেকৈ কৈছিলো।  আৰু তাই তেতিয়া বাহিৰলৈ আহিছিল।’

লগতে অজয়ে কয় যে, তেতিয়াই বাহিৰত থকা একাংশই তাইৰ ফটো ল’লে আৰু ছচিয়েল মিডিয়াত ট্ৰ’ল কৰি দিয়ে। আপোনালোকেই কওক, সেয়া কৰিব লাগিছিল জানো? তাই ১৬–১৭ বছৰীয়া ছোৱালীস তাই কি  অপৰাধ কৰিছিল, তাইৰ লগত যে, তেনেকুৱা কৰিলে।
আৰু চাওক
পৰৱৰ্তী বাতৰি