ক্ৰিকেটাৰ কে এল ৰাহুলৰ সৈতে সম্পৰ্ক : কি ক’লে সুনীল ছেট্টীৰ কন্যা আথিয়া ছেট্টীয়ে?

ফটোত দুয়োকে দেখা গৈছে ৰোমাণ্টিক মুডত। অৱশ্যে দুয়ো নিজৰ সম্পৰ্কক লৈ কেতিয়াও কোনো কথা প্ৰকাশ কৰা নাই।

News18-Assam
Updated:November 10, 2019, 3:10 PM IST
ক্ৰিকেটাৰ কে এল ৰাহুলৰ সৈতে সম্পৰ্ক : কি ক’লে সুনীল ছেট্টীৰ কন্যা আথিয়া ছেট্টীয়ে?
ফটোত দুয়োকে দেখা গৈছে ৰোমাণ্টিক মুডত। অৱশ্যে দুয়ো নিজৰ সম্পৰ্কক লৈ কেতিয়াও কোনো কথা প্ৰকাশ কৰা নাই।
News18-Assam
Updated: November 10, 2019, 3:10 PM IST
ক্ৰিকেটাৰ কে এল ৰাহুল আৰু সুনীল ছেট্টীৰ কন্যা আথিয়া ছেট্টীৰ সম্পৰ্কৰ খবৰ প্ৰায়ে আহি থাকে। শেহতীয়াকৈ আথিয়া ছেট্টীৰ জন্মদিনত কে এল ৰাহুলে এখন ৰোমাণ্টিক ফটো শ্বেয়াৰ কৰিছিল। এই ফটোখনৰ বাবে অনুৰাগীসকলে দুয়োৰে সম্পৰ্কক লৈ চৰ্চাৰ আৰু এটা কাৰণ বিচাৰি পাইছে। ছচিয়েল মিডিয়াত কে এল ৰাহুলৰ ফালৰ পৰা শ্বেয়াৰ কৰা ফটোখন ভাইৰেল হৈ পৰিছে। ফটোত দুয়োকে দেখা গৈছে ৰোমাণ্টিক মুডত। অৱশ্যে দুয়ো নিজৰ সম্পৰ্কক লৈ কেতিয়াও কোনো কথা প্ৰকাশ কৰা নাই।

শেহতীয়াকৈ আথিয়াক সোধা হৈছিল যে ডেটিঙৰ খবৰৰ বাবে তেওঁৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ পৰিছে নেকি? এই প্ৰশ্নৰ উত্তৰত আথিয়াই কয় – মই আপোনাৰ প্ৰশ্নৰ উদ্দেশ্য কি বুজিব পাৰিছো। মই আপোনালোকক এই বিষয়ে একো নকওঁ। মই কেতিয়াও মোৰ ব্যক্তিগত জীৱনৰ বিষয়ে কোৱা নাই আৰু আজি নকওঁ।

আন এক প্ৰশ্নৰ উত্তৰত আথিয়াই কয় যে ভাল স্ক্ৰীপ্ট পালে পিতৃ সুনীল ছেট্টীৰ সৈতে স্ক্ৰীণ দেখা যাব পাৰে। আথিয়াই পিতৃৰ সৈতে কাম কৰাত আগ্ৰহ প্ৰকাশ কৰে। উল্লেখযোগ্য যে ২০১৫ চনত বলীউদত অভিষেক ঘটিছিল আথিয়াৰ। জিৰ’ ছবিখনত প্ৰথমবাৰৰ বাবে কাম কৰিছিল আথিয়াই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি