‘মই মৃত্যুশয্যাত’, অনুৰাগীক ইনষ্টাগ্ৰামত বিদায় জনোৱাৰ পিছতে মৃত্যু বলিউড অভিনেত্ৰীৰ

হাতত যে সময় আৰু বেছি নাই সেয়া বুজিয়ে হয়তো অনুৰাগীসকলক উদ্দেশ্যি তেওঁ এই মৰ্মস্পৰ্শী বাৰ্তা লিখে। ইনষ্টাগ্ৰামত নিজৰ ‘মৃত্যুশয্যা’ৰ কথা লিখাৰ কিছু সময় পিছতে অভিনেত্ৰীৰ অকাল বিয়োগ।
হাতত যে সময় আৰু বেছি নাই সেয়া বুজিয়ে হয়তো অনুৰাগীসকলক উদ্দেশ্যি তেওঁ এই মৰ্মস্পৰ্শী বাৰ্তা লিখে। ইনষ্টাগ্ৰামত নিজৰ ‘মৃত্যুশয্যা’ৰ কথা লিখাৰ কিছু সময় পিছতে অভিনেত্ৰীৰ অকাল বিয়োগ।
- News18 Assam
- Last Updated: July 13, 2020, 9:53 AM IST
সময় যে আৰু বেছি হাতত নাই সেই কথা বুজিয়ে হয়তো অনুৰাগীসকলক উদ্দেশ্যি তেওঁ এক মৰ্মস্পৰ্শী বাৰ্তা লিখিছিল। ইনষ্টাগ্ৰামত নিজৰ ‘মৃত্যুশয্যা’ৰ কথা জনোৱাৰ কেইটামান মুহূৰ্তৰ পিছতে মৃত্যুৰ কোলাত ঢলি পৰে অভিনেত্ৰীগৰাকী।
২০১৬চনত ‘হ্যে অপনা দিল ত’ আৱাৰা’ চিনেমাৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰিছিল দিব্যা চৌকচিয়ে। ২০১১চনত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাতো অংশ লৈছিল দিব্যাই। লণ্ডনৰ পৰা অভিনয় শিকি অহাৰ পিছত মডেলিং কৰিছিল। কেইবাখনো চিনেমা আৰু চিৰিয়েলতো তেওঁ অভিনয় কৰিছিল। গীতো গাইছিল বুলি ছচিয়েল পোষ্টত উল্লেখ।

দিব্যাৰ মৃত্যুৰ খবৰ ছচিয়েল মিডিয়াত জনায় তেওঁৰ সম্পৰ্কীয় ভগ্নী সৌম্যাই। তেওঁ লিখে, ‘অতি দুখেৰে জনাও দিব্যা কেন্সাৰৰ সৈতে যুঁজত হাৰিল। আজি তেওঁ আমাক এৰি থৈ গ’ল। ঈশ্বৰে আত্মাক শান্তি দিয়ক।’
श्रधान्जली कुमारी दिव्या चौकसे
ছচিয়েল মিডিয়াত দিব্যাৰ মৃত্যুক লৈ শোকৰ লহৰ।