ওজন বাঢ়িবলৈ নিদিব! ওজন বৃদ্ধিয়ে প্ৰভাৱ পেলাই শাৰীৰিক সম্পৰ্কত! জানি লওক

News18 Assam | News18-Assam
Updated:April 12, 2021, 7:11 PM IST
ওজন বাঢ়িবলৈ নিদিব! ওজন বৃদ্ধিয়ে প্ৰভাৱ পেলাই শাৰীৰিক সম্পৰ্কত! জানি লওক
Source-Google

শৰীৰৰ ওজন বৃদ্ধি বৰ্তমান সময়ৰ এক ডাঙৰ সমস্যা। অস্বাস্থ্যকৰ জীৱন শৈলীয়ে মানুহৰ ওজন বৃদ্ধি কৰিছে।

  • Share this:
শৰীৰৰ ওজন বৃদ্ধি বৰ্তমান সময়ৰ এক ডাঙৰ সমস্যা। অস্বাস্থ্যকৰ জীৱন শৈলীয়ে মানুহৰ ওজন বৃদ্ধি কৰিছে। ওজন বৃদ্ধিৰ লগে লগে শৰীৰত বিভিন্ন ৰোগে দেখা দিবলৈ আৰম্ভ কৰে। গতিকে সুস্থ শৰীৰৰ বাবে ওজন নিয়ন্ত্ৰণত ৰখাটো অত্যন্ত প্ৰয়োজন। ওজন বৃ্দ্ধিৰ প্ৰভাৱ পৰে মানুবৰ যৌন জীৱনতো। বিশেষজ্ঞৰ মতে, অত্যাধিক ওজনে হ্ৰাস কৰে যৌন ক্ষমতা।

অত্যাধিক ফাষ্ট ফুড গ্ৰহণ কৰিলে মানুহৰ শৰীৰৰ ওজন বৃদ্ধি পোৱা দেখা যায়। লগতে শাৰীৰিক পৰিশ্ৰম ক্ৰমান্বৰে হ্ৰাস পাই অহাও ওজন বৃদ্ধিৰ অন্যতম কাৰণ। মেদবহুলতাই মানুহৰ যৌন জীৱনত কিদৰে প্ৰভাব পেলাই জানো আহকঃ

অত্যাধিক ওজনে শৰীৰত গ্লোবিউলিনৰ পৰিমাণ বৃ্ধি কৰে। ফলত মানব শৰীৰত টেষ্টটৰনৰ নিঃসৰণ হ্ৰাস পাবলৈ আৰম্ভ কৰে।আৰু ইয়াৰ ফলত যৌন ক্ষমতা হ্ৰাস পাবলৈ ধৰে।

মানব শৰীৰত টেষ্টটৰনৰ নিঃসৰণ হ্ৰাস পাবলৈ আৰম্ভ কৰে অত্যাধিক ওজন বাঢ়িলে। ইয়াৰ ফলত লিংগ শিথিলতাৰ দৰে সমস্যা হয়। কেৱল পুৰুষেই নহয় মহিলাও ইয়াৰ ফলত সমস্যাত পৰে।

অত্যাধিক ওজনে মানুহৰ আত্মবিশ্বাসত প্ৰভাব পেলায়। মনোবিজ্ঞানীক দৃষ্টিভংগীৰ মতে, যৌন ক্ষমতাৰ লগতে আত্মবিশ্বাসৰ আছে ওতঃপ্ৰোত সম্পৰ্ক।
Published by: Himangshu Bhuyan
First published: April 12, 2021, 7:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি