স্বাস্থ্য পৰীক্ষা কৰিবলৈ এতিয়া আৰু কোনোবা লেবৰেটৰী বা হাস্পতাললৈ যাব নালাগে! ঘৰতে বহি কৰোৱাব পাৰিব তেজৰ পৰীক্ষা। লগতে ঘৰতে লাভ কৰিব তেজ পৰীক্ষাৰ সকলো ধৰণৰ ৰিপ’ৰ্ট। এই সুবিধা ল’ব পাৰিব ‘Zeebon’ নামৰ এটা এপৰ যোগেদি।
এই এপটোৰ জৰিয়তে ঘৰলৈ মাতিব পাৰিব টেকনিচিয়ানক। আৰু টেকনিচিয়ানে ঘৰতে সংগ্ৰহ কৰিব তেজৰ নমুনা। উল্লেখ্য যে, ‘Zeebon’ নামৰ এপটো গুগ’ল প্লে ষ্টোৰতো উপলব্ধ।
‘Zeebon’ নামৰ এপটোৰ জৰিয়তে এই সুবিধা গ্ৰহণ কৰি জনসাধাৰণ উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে কৰ্তৃপক্ষই। ইফালে অহা ২১ জানুৱাৰীলৈকে এই সুবিধা গ্ৰহণ কৰিলে ১০ শতাংশ ডিচকাউণ্ট পাব বুলিও জনোৱা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|