• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বিশ্বকাপ ক্ৰিকেটত ভাৰতক চেম্পিয়নৰ সোৱাদ দিয়া এইগৰাকী খেলুৱৈয়ে এতিয়া কৰিছে ২৫০ টকাত দিন হাজিৰা

বিশ্বকাপ ক্ৰিকেটত ভাৰতক চেম্পিয়নৰ সোৱাদ দিয়া এইগৰাকী খেলুৱৈয়ে এতিয়া কৰিছে ২৫০ টকাত দিন হাজিৰা

২৯ বছৰীয়া নৰেশ তুমডাই বিগত বৰ্ষত লকডাউনত পাচলি বিক্ৰী কৰিছিল। ইয়াৰ দ্বাৰা পৰিয়াল নচলাত দিন হাজিৰা কৰা আৰম্ভ কৰে।

২৯ বছৰীয়া নৰেশ তুমডাই বিগত বৰ্ষত লকডাউনত পাচলি বিক্ৰী কৰিছিল। ইয়াৰ দ্বাৰা পৰিয়াল নচলাত দিন হাজিৰা কৰা আৰম্ভ কৰে।

২৯ বছৰীয়া নৰেশ তুমডাই বিগত বৰ্ষত লকডাউনত পাচলি বিক্ৰী কৰিছিল। ইয়াৰ দ্বাৰা পৰিয়াল নচলাত দিন হাজিৰা কৰা আৰম্ভ কৰে।

  • Share this:


আপোনাৰ নিশ্চয় মনত আছে ২০১৮ চনত টীম ইণ্ডিয়াই ব্লাইণ্ড ৱৰ্ল্ড কাপ ক্ৰিকেট (Blind World Cup 2018)ৰ খিতাপ দখল কৰি ইতিহাস ৰচিছিল। টীম ইণ্ডিয়াই ফাইনেলত পাকিস্তানক পৰাস্ত কৰিছিল। এই জয়ৰ পিছত ভাৰতীয় খেলুৱৈসকলে খুব প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰীলৈ সকলোৱে খেলুৱৈসকলক প্ৰশংসা কৰিছিল। কিন্তু এই সফলতাৰ ৩ বছৰ পিছত আজি এই ক্ৰিকেট দলৰ এজন সদস্যই এটা টকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। খেলুৱৈজন গুজৰাটৰ নৰেশ তুমডা (Naresh Tumda)। পৰিয়াল চলোৱাৰ বাবে এতিয়া তেওঁ কৰিবলগীয়া হৈছে দিন হাজিৰা।

সংবাদ এজেন্সী এএনআইৰ সৈতে কথা–বাৰ্তাত নৰেশ তুমডাই কয় যে চৰকাৰক বাৰম্বাৰ সহায়ৰ বাবে অনুৰোধ কৰাৰ পিছতো একো লাভ হোৱা নাই। তেওঁ কয়, ‘‘মই এদিনত মাত্ৰ ২৫০ টকা উপাৰ্জন কৰো। মই গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পৰা সহায়ৰ বাবে তিনিবাৰ আবেদন কৰিছো। কিন্তু এতিয়ালৈ তেওঁৰ কোনো উত্তৰ নাহিল। মই চৰকাৰক অনুৰোধ জনাও যে মোক এটা চাকৰি দিয়ক যাতে মই পৰিয়ালটো চলাব পাৰো।

২৯ বছৰীয়া নৰেশ তুমডাই বিগত বৰ্ষত লকডাউনত পাচলি বিক্ৰী কৰিছিল। ইয়াৰ দ্বাৰা পৰিয়াল নচলাত দিন হাজিৰা কৰা আৰম্ভ কৰে। দিনৰ দিনটো মূৰত ইটা কঢ়িয়াই পোহপাল দিছে পৰিয়ালটো। তেওঁ কয়, ‘‘মোৰ পিতৃ–মাতৃ বৃদ্ধ। মই পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। বিগত বৰ্ষত জামালপুৰ মাৰ্কেটত পাচলি বিক্ৰী কৰিছিলো। কিন্তু বেছি উপাৰ্জন নহ’ল।’’

নৰেশ তুমডা এজন প্ৰতিভাশালী ক্ৰিকেটাৰ। কেৱল ৫ বছৰ বয়সতে তেওঁ ক্ৰিকেট খেলা আৰম্ভ কৰিছিল। অতি কঠিন পৰিস্থিতিৰ মাজতো দ্বাদশ শ্ৰেণীলৈ পঢ়া–শুনা কৰিছিল। ৫ বছৰ বয়সতে তেওঁৰ দৃষ্টিশক্তি আঁতৰি গৈছিল। ২০১৪ চনত তেওঁ গুজৰাট দললৈ নিৰ্বাচিত হৈছিল। তাৰ পিছত ভাৰতীয় দলত খেলাৰ সুবিধা লাভ কৰে। বিশ্বকাপৰ ফাইনেলত ভাৰতে পাকিস্তানৰ ৩০৮ ৰানৰ বৃহৎ লক্ষ্য ৮ উইকেট হেৰুৱাই অতিক্ৰম কৰিছিল।

Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি