মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Viral Video | Flying Dog : চৰাইৰ দৰে আকাশত উৰিছে কুকুৰ ! ছচিয়েল মিডিয়াত ভাইৰেল ভডিঅ'

Viral Video | Flying Dog : চৰাইৰ দৰে আকাশত উৰিছে কুকুৰ ! ছচিয়েল মিডিয়াত ভাইৰেল ভডিঅ'

Manjumoni Borah | News18-Assam
Updated:September 11, 2021, 9:42 PM IST
Viral Video | Flying Dog : চৰাইৰ দৰে আকাশত উৰিছে কুকুৰ ! ছচিয়েল মিডিয়াত ভাইৰেল ভডিঅ'
Viral Video | Flying Dog : ওকাৰ গৰাকী ছেমে নিজেই ছচিয়েল মিডিয়াত কেইবাখনো ছবি আপলোড কৰিছে। তেওঁ তিনি মাহ আগতে ওকাক তুলি লৈছিল। ছবিখনত তেওঁ লিখিছিল, 'এতিয়া পৃথিৱীৰ চাৰিওফালে যাওঁ আহক।' 

Viral Video | Flying Dog : ওকাৰ গৰাকী ছেমে নিজেই ছচিয়েল মিডিয়াত কেইবাখনো ছবি আপলোড কৰিছে। তেওঁ তিনি মাহ আগতে ওকাক তুলি লৈছিল। ছবিখনত তেওঁ লিখিছিল, 'এতিয়া পৃথিৱীৰ চাৰিওফালে যাওঁ আহক।' 

  • News18 Assam
  • Last Updated: September 11, 2021, 9:42 PM IST
  • Share this:
ব্ৰেকিং নিউজৰ পৰা নতুন ভাইৰেল ফটোলৈকে, আজিকালি ছ'চিয়েল মিডিয়াৰেই আধিপত্য বিস্তাৰ হৈছে। কিছুমান ভিডিঅ' ইমান আকৰ্ষণীয় যে ভিডিঅ'টো দেখাৰ লগে লগেই মানুহে নেটত শ্বেয়াৰ কৰে। আৰু এনেদৰে, বিদ্যুৎ গতিত এটাৰ পিছত এটা দৃশ্য নেট দুনীয়াত বিয়পি পৰে। এইবাৰ এটা অনির্বচনীয় দৃশ্যই (Viral Video, Flying Dog) সামাজিক মাধ্যমত  তোলপাৰ লগাইছে। য'ত এটা শুধ-বগা নোমাল কুকুৰক শুকুলা ডাৱৰৰ মাজত নীলা আকাশত উৰি থকা দেখা গৈছিল (Viral Video, Flying Dog)।

সৰু মৰমৰলগা কুকুৰটোৰ নাম ওকা। ওকাক মালিক ছেমৰ সৈতে আকাশত উৰি থকা দেখা গৈছে। কুকুৰৰ গৰাকী ছেম এজন দুঃসাহসী চলচ্চিত্ৰ পৰিচালক। তেওঁ পোহনীয়া কুকুৰটোৰ সৈতে একেলগে পেৰাগ্লাইডিং কৰাৰ অভিজ্ঞতাৰ এটা ভিডিঅ' ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল।










View this post on Instagram






A post shared by Ouka the adventurous samoyede (@ouka.sam)






29 ছেকেণ্ডৰ ভিডিঅ'টো শেহতীয়াকৈ নেটত ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ'টোত তিনি বছৰীয়া কুকুৰটোক ইয়াৰ মালিকৰ সৈতে পেৰাগ্লাইডিং কৰা দেখা গৈছে। সিহঁত লাহে লাহে পেৰাগ্লাইডিং কৰি পাহাৰৰ ওপৰৰ পৰা নামি আহিছে। ভিডিঅ'টোত দেখা গৈছে, ওকাই সেই দুঃসাহসিক অভিযানৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰি আছে। আৰু বতাহে তাইৰ গাখীৰ হেন বগা চুলি বোৰ উৰুৱাই আছে।

ওকাৰ গৰাকী ছেমে নিজেই ছচিয়েল মিডিয়াত কেইবাখনো ছবি আপলোড কৰিছে।  এতিয়া তেওঁৰ এই ছবিখন ছুপাৰহিট। তেওঁ তিনি মাহ আগতে ওকাক তুলি লৈছিল। ছবিখনত তেওঁ লিখিছিল, 'এতিয়া পৃথিৱীৰ চাৰিওফালে যাওঁ আহক।
Published by: Manjumoni Borah
First published: September 11, 2021, 9:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি