ছোৱালীৰ বিয়াত দেউতাকে আনন্দেৰে তেওঁৰ জোঁৱায়েকক প্ৰদান কৰে কিছু উপহাৰ। প্ৰদান কৰে ধনৰ পৰা গাড়ীলৈ। কিন্তু কল্পনা কৰক যদি এজন পিতৃয়ে তেওঁৰ ছোৱালীক গহনা বা ধন উপহাৰ নিদি বিয়াত বিষাক্ত সাপ উপহাৰ দিয়ে? এয়া শুনোতে আচৰিত লগাটো স্বাভাৱিক। কিন্তু ই ১০০ শতাংশই সঁচা।
এই প্ৰথা চলি আছে আমাৰ নিজৰ দেশৰে মধ্য প্ৰদেশৰ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ মাজত। এই পৰম্পৰা ভাৰতৰ মধ্য প্ৰদেশৰ গৌৰীয়া সম্প্ৰদায়ে পালন কৰে। ইয়াত শহুৰেকে তেওঁৰ জোঁৱায়েকক বিয়াত মুঠ ২১ডাল বিষাক্ত সাপ উপহাৰ হিচাপে দিয়ে। এই পৰম্পৰাটো বহু শতাব্দী ধৰি এই সম্প্ৰদায়ত চলি আহিছে। এইটো বিশ্বাস কৰা হয় যে যদি এই সম্প্ৰদায়ৰ এজন ব্যক্তিয়ে বিয়াত তেওঁৰ জীয়েকক সাপ নিদিয়ে, তেন্তে তেওঁৰ জীয়েকৰ বিবাহ সোনকালেই ভঙাৰ আশংকা থাকে।
এইকাৰণে যৌতুকত বিষাক্ত সাপ দিয়া হয়। গতিকে জীয়েকৰ বিবাহৰ দিন ঠিক হোৱাৰ পিছতে দেউতাকে তেওঁৰ জোঁৱায়েকক উপহাৰ দিবলৈ সাপ ধৰিবলৈ আৰম্ভ কৰি দিয়ে। এনে সাপৰ মাজত বিষাক্ত সাপো থাকে। অৱশ্যে আপুনি জানি আচৰিত হ'ব যে এই সম্প্ৰদায়ৰ লোকৰ শিশুৰ পৰা বৃদ্ধলৈ বিষাক্ত সাপক কোনোৱে ভয় নকৰে, অতি সহজে সাপৰ সৈতে খেলা কৰে।
ধাৰণা কৰা মতে, যৌতুকত জীয়েকক ২১ডাল সাপ দিয়াৰ পৰম্পৰা চলি থকাৰ কাৰণ এই সম্প্ৰদায়ৰ মুখ্য কামেই হৈছে সাপ ধৰা। গৌৰীয়া সম্প্ৰদায়ে কেৱল সাপৰ জৰিয়তে টকা উপাৰ্জন কৰে। এই সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ ঘৰত সদস্যৰ দৰে সাপ ৰাখে। আনহাতে সাপ মৃত্যু হ'লে পৰিয়ালৰ সদস্যই মুণ্ডন কৰে, লগতে কৰা হয় ভোজৰো আয়োজন। সাপক লৈ এই সকলোবোৰ নিয়ম কঠোৰভাৱে অনুসৰণ কৰে সম্প্ৰদায়টোৱে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|