চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ বাবে মেডিকেল প্ৰৱেশ পৰীক্ষাত সংৰক্ষিত হওক ৭০ শতাংশ আসন!

ৰাজ্যসভাত সাংসদ বিশ্বজীৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

news18assam
Updated:July 4, 2019, 10:03 PM IST
চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ বাবে মেডিকেল প্ৰৱেশ পৰীক্ষাত সংৰক্ষিত হওক ৭০ শতাংশ আসন!
ৰাজ্যসভাত সাংসদ বিশ্বজীৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
news18assam
Updated: July 4, 2019, 10:03 PM IST
দেশত এতিয়া বিপৰ্যয়ৰ গৰাহত চৰকাৰী বিদ্যালয়সমূহত। অভিভাৱকৰ অনীহা, চৰকাৰৰ গুৰুত্বহীনতা আদি বিভিন্ন কাৰণৰ বাবে এতিয়া  ছাত্ৰ–ছাত্ৰীৰ অভাৱ চৰকাৰী বিদ্যালয় সমূহত। সেইসময়তে ৰাজ্যসভাত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এক বিশেষ মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। সাংসদগৰাকীয়ে চৰকাৰী বিদ্যালয়ৰ অধ্যয়ন কৰা শিক্ষাৰ্থীৰ বাবে মেডিকেল প্ৰৱেশ পৰীক্ষাত ৭০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা ল’বলৈ জনাইছে অনুৰোধ।

ৰাজ্যসভাৰ মজিয়াত উত্থাপিত ‘ভাৰতীয় চিকিৎসা পৰিষদ সংশোধনী আইন,২০১৯’ৰ মুকলি চৰ্চাত অসমৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে  চৰকাৰী বিদ্যালয়ত অধ্যায়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চিকিৎসা বিজ্ঞানৰ প্ৰবেশ পৰীক্ষাত ৭০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনায়। বৰ্তমান দেশত চিকিৎসকৰ অভাৱৰ প্ৰসংগ টানি আনি এনে মন্তব্য প্ৰকাশ কৰে।সেইদৰে সাংসদ দৈমাৰীয়ে কয় যে  ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যায়ণ কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰিয়ালৰ পৰা পোৱা আৰ্থিক সুবিধাৰ বাবে বা অন্য যি কাৰণতে নহওক কিয়, চিকিৎসক হৈ আহি গাঁওত সেৱা আগবঢ়াবলৈ বিশেষ ইচ্ছা প্ৰকাশ নকৰে।ফলত গাঁৱৰ ৰাইজে ভাল চিকিৎসা সেৱা লাভ নকৰি দুৰ্ভোগ ভুগিব লগীয়া হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি