শ্মশানৰ পৰা স্বামীয়ে পত্নীক আনি দিলে মৃত মানুহৰ হাত, ক’লে ৰাতি ৰান্ধিবা!

News18 Assam | News18-Assam
Updated:March 11, 2020, 5:19 PM IST
শ্মশানৰ পৰা স্বামীয়ে পত্নীক আনি দিলে মৃত মানুহৰ হাত, ক’লে ৰাতি ৰান্ধিবা!
গাঁৱত মানুহৰ মাজত হুলস্থুল লাগে।

পত্নীয়ে এই দৃশ্য দেখি তৎক্ষণাত মূৰ্চা যায়। 

  • Share this:
ভাবকচোন কেনে লাগিব যদিহে এই গাৰ নোম শিঁয়ৰাই তোলা ঘটনা আপোনাৰ চকুৰ সন্মুখত ঘটে। ঘটনাটো উত্তৰ প্ৰদেশৰ বিজনৌৰৰ। এজন ব্যক্তিয়ে বেগ এটাত মৰা মানুহৰ কটা হাত এখন লৈ আহি পত্নীক ৰান্ধিবলৈ দিয়াৰ পিছতে পত্নীগৰাকী অচেতন হৈ পৰে। মানুহৰ হাতখন লৈ অহা স্বামীৰ কাণ্ড মহিলাগৰাকীয়ে চিঞৰি চিঞৰি চুবুৰীয়াক কয়। বাহিৰলৈ দৌৰি ওলাই যাওঁতে তেওঁ স্বামীক দুৱাৰ বন্ধ কৰি থৈ যায়। চুবৰীয়াৰ সহায়ত তেওঁ উত্তৰ প্ৰদেশ আৰক্ষীক এই ঘটনা সন্দৰ্ভত তথ্য দিয়ে।

জানিব পৰা মতে, ব্যক্তিজন মদ–ভাং আদি নিচাযুক্ত সামগ্ৰীৰ ৰাগীয়াল। মানসিক সমস্যাত আক্ৰান্ত ব্যক্তিজনে শ্মশানৰ পৰা এখন হাত লৈ আহিছিল। টিক্কৌপুৰ গাঁৱৰ বাসিন্দা সঞ্জয় নামৰ ব্যক্তিজনে মৰাশৰ হাতখন চোকা অস্ত্ৰৰে খণ্ড খণ্ডও কৰিছিল।

মানসিক ভাৱে অস্থিৰ, ৰাগীয়াল বস্তুৰ অভ্যাস থকা ধৃত যুৱকজনৰ ঘৰৰ পৰা মানুহৰ মাংস উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্তই পিতৃক হত্যা কৰাৰ অভিযোগত জেল খাটিছে। ঘটনাটোৱে অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

 
আৰু চাওক
পৰৱৰ্তী বাতৰি