• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • চ’তে গৈয়ে গৈয়ে- নয়া নদী নয়া কুল, ব’হাগে পালেহি- নয়া নদী নয়া কুল, ফুলিলে বাবৰি ফুলেহে- নয়া নদী নয়া কুল, খোপাত মাৰে কপৌফুল, ফুলি আছে নাহৰ ফুল, হাততে ঐ, হাততে ঐ জেতুকাৰ, হাততে ঐ জেতুকাৰ বোল।

চ’তে গৈয়ে গৈয়ে- নয়া নদী নয়া কুল, ব’হাগে পালেহি- নয়া নদী নয়া কুল, ফুলিলে বাবৰি ফুলেহে- নয়া নদী নয়া কুল, খোপাত মাৰে কপৌফুল, ফুলি আছে নাহৰ ফুল, হাততে ঐ, হাততে ঐ জেতুকাৰ, হাততে ঐ জেতুকাৰ বোল।

binary comment

binary comment

হেপাহৰ ৰঙালী বিহুটিলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী ৷ চৌদিশে এতিয়া ব'হাগক আদৰাৰ ব্যাপক প্ৰস্তুতি।

  • Share this:
চ’তে গৈয়ে গৈয়ে- নয়া নদী নয়া কুল

ব’হাগে পালেহি- নয়া নদী নয়া কুল

ফুলিলে বাবৰি ফুলেহে- নয়া নদী নয়া কুল

খোপাত মাৰে কপৌফুল, ফুলি আছে নাহৰ ফুল

হাততে ঐ, হাততে ঐ জেতুকাৰ, হাততে ঐ জেতুকাৰ বো্ল।

তোমাৰে লগতে- নয়া নদী নয়া কুল

মৰো যদি মৰিম মই- নয়া নদী নয়া কুল

এৰি যাম নিজৰে কুলেহে- নয়া নদী নয়া কুল

খোপাত মাৰে কপৌফুল, ফুলি আছে নাহৰ ফুল

হাততে ঐ, হাততে ঐ জেতুকাৰ, হাততে ঐ জেতুকাৰ বো্ল।

হয়, হেপাহৰ ৰঙালী বিহুটিলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী ৷ চৌদিশে এতিয়া ব'হাগক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ বঙাইগাঁৱত গাভৰুসকলে নিজে সুন্দৰভাৱে সজাই পৰাই তোলাৰ বাবে যত্নপৰ হৈ পৰিছে ৷ বিহুৰ প্ৰাকক্ষণত হাতত জেতুকা লৈ গাভৰু সকলে সাজোন কাচোন ব্যাহত ৰাখিছে ৷  আনন্দ ফুৰ্তিৰ মাজৰে সকলোৱেে সমুহিয়াভাৱে জেতুকা লগোৱা পৰিলক্ষিত হৈছে ৷ হাতত জেতুকা লগাই বিহু নাচিবলৈ সাজু হৈছে নাচনীসকল ৷



ইপিনে বিহুৰ আগমনত বঙাইগাঁৱত শিপিনীসকল ব্যস্ত হৈ পৰিছে তাঁতৰ শালত ৷  বিহুৰ দিনা আপোনজনক বিহুৱানখন দিয়াৰ মানসেৰে দিনে নিশাই তাঁতশালত ব্যস্ত হৈ পৰিছে জীয়ৰী -বোৱাৰীসকল ৷
Published by:Kokil Sarma
First published: