কলেজ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিছে ইউনিফৰ্ম। মহাবিদ্যালয়ৰ চৌহদত বোৰ্খা পৰিধান কৰি প্ৰৱেশ কৰিলে ২৫০ টকাৰ জৰিমনা
পাটনাৰ এখন মহাবিদ্যালয়ত নিষিদ্ধ কৰা হৈছে বোৰ্খা। মহাবিদ্যালয়ৰ চৌহদত কোনো ধৰণৰ বোৰ্খা পৰিধান কৰি প্ৰৱেশ কৰিব নোৱাৰিব ছাত্ৰীয়ে। অন্যথা ভৰিব লাগিব ২৫০ টকাৰ জৰিমনা। পাটনাৰ জেডি ছোৱালী মহাবিদ্যালয়ে ছাত্ৰ–ছাত্ৰীৰ বাবে নিৰ্ধাৰণ কৰি দিছে ইউনিফৰ্ম।
মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননীত নতুনকৈ নিৰ্ধাৰণ কৰা ইউনিফৰ্ম পৰিধান কৰি মহাবিদ্যালয়ত প্ৰৱেশ কৰাটো বাধ্যতামূলক কৰা হৈছে। ইফালে মহাবিদ্যালয়খনত বোৰ্খা নিষিদ্ধ কৰাৰ পিছতে একাংশ ইছলামধৰ্মী ছাত্ৰীয়ে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|