• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Air Indiaৰ যাত্ৰীসকলৰ বাবে সুখবৰ! এতিয়া ৩০ জুনলৈ সাল-সলনি কৰিব পাৰিব যাত্ৰাৰ তাৰিখ, ভৰিব নালাগে কোনো মাচুল

Air Indiaৰ যাত্ৰীসকলৰ বাবে সুখবৰ! এতিয়া ৩০ জুনলৈ সাল-সলনি কৰিব পাৰিব যাত্ৰাৰ তাৰিখ, ভৰিব নালাগে কোনো মাচুল

এয়াৰ ইণ্ডিয়াৰ জৰিয়তে যাত্ৰা কৰা যাত্ৰীসকলে এতিয়াৰে পৰা তেওঁলোকৰ যাত্ৰাৰ তাৰিখ (change in travel date), বিমান নম্বৰ আৰু খণ্ড সলনি কৰিব পাৰিব।

এয়াৰ ইণ্ডিয়াৰ জৰিয়তে যাত্ৰা কৰা যাত্ৰীসকলে এতিয়াৰে পৰা তেওঁলোকৰ যাত্ৰাৰ তাৰিখ (change in travel date), বিমান নম্বৰ আৰু খণ্ড সলনি কৰিব পাৰিব।

এয়াৰ ইণ্ডিয়াৰ জৰিয়তে যাত্ৰা কৰা যাত্ৰীসকলে এতিয়াৰে পৰা তেওঁলোকৰ যাত্ৰাৰ তাৰিখ (change in travel date), বিমান নম্বৰ আৰু খণ্ড সলনি কৰিব পাৰিব।

  • Share this:
কোভিড-১৯ মহামাৰীৰ মাজত এয়াৰ ইণ্ডিয়াই (Air India) যাত্ৰীসকলক এক ডাঙৰ সকাহ প্ৰদান কৰিছে। এয়াৰ ইণ্ডিয়াৰ জৰিয়তে যাত্ৰা কৰা যাত্ৰীসকলে এতিয়া তেওঁলোকৰ যাত্ৰাৰ তাৰিখ (change in travel date), বিমান নম্বৰ আৰু খণ্ড সলনি কৰিব পাৰিব। উল্লেখযোগ্য যে যাত্ৰাৰ তাৰিখ সলনি কৰাৰ ফলত কোনো অতিৰিক্ত মাচুল পৰিশোধ কৰিব নালাগে। এয়াৰলাইনটোৱে গ্ৰাহকসকলকৰ কাৰণে এই অফাৰটো ৩০ জুন, ২০২১ লৈ বৃদ্ধি কৰিছে। বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা আৰোপ কৰা যাত্ৰা নিষেধাজ্ঞাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

এয়াৰ ইণ্ডিয়াই টুইটযোগে এই বিষয়ে অৱগত কৰে। কোম্পানীটোৱে এটা টুইটত লিখিছিল যে কোম্পানীটোৱে বৰ্তমানৰ মহামাৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অফাৰৰ তাৰিখ বৃদ্ধি কৰিছে। এয়াৰ ইণ্ডিয়াই যাত্ৰীসকলৰ সুবিধাৰ বাবে ইয়াৰ ঘৰুৱা নেটৱৰ্কত তাৰিখ, বিমান নম্বৰ পৰিৱৰ্তনৰ সুবিধা ৩০ জুন, ২০২১ লৈ বৃদ্ধি কৰিছে।

এয়াৰ ইণ্ডিয়াৰ যাত্ৰীয়ে তাৰিখ, বিমান নম্বৰ বা খণ্ডত পৰিৱৰ্তন কৰাৰ বাবে এই চৰ্তাৱলী আৰু নিয়মাৱলীসমূহ মন কৰক :

১) এই অফাৰটো ঘৰুৱা যাত্ৰা (PURE Domestic itinerary) কাৰ্যসূচীৰ সৈতে মুকলি কৰা সকলো ০৯৮ নথি–পত্ৰৰ বাবে প্ৰযোজ্য।

২) এই অফাৰটো এয়াৰ ইণ্ডিয়াৰ ৱেবছাইট আৰু ম'বাইল এপত জাৰি কৰা টিকটৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

৩) যাত্ৰাৰ তাৰিখ বৰ্তমানৰ বা ৩০ জুন ২০২১ তাৰিখৰ আগত যাত্ৰাৰ বাবে জাৰি কৰা সকলো টিকটৰ বাবে প্ৰযোজ্য আৰু যাত্ৰীসকলে তেওঁলোকৰ টিকটৰ বৈধতা অনুসৰি নতুন তাৰিখৰ বাবে পুনৰ বুকিং কৰিব পাৰে।

৪) টিকট ক্ৰয়ৰ তাৰিখ নিৰ্বিশেষে বিনামূলীয়া পৰিৱৰ্তন বিকল্পৰ সুবিধা প্ৰদান কৰা হৈছে।

৫) বিনামূলীয়া পৰিৱৰ্তন বিকল্প লাভ কৰা যাত্ৰীসকলে ভাড়াৰ নিয়ম অনুসৰি পৰিৱৰ্তনৰ বাবে প্ৰাসংগিক সময়সীমা অনুসৰণ কৰিব লাগিব।

৬) যদি যাত্ৰীসকলে ছেক্টৰ সলনি কৰাৰ সিদ্ধান্ত লয়, তেনেহ’লে কেৱল পুনৰ জাৰি মাচুল ৰেহাই দিয়া হ'ব, অন্যান্য মাচুল প্ৰযোজ্য হ'ব।

৭) সকলো শ্ৰেণী আৰু সকলো ধৰণৰ ৰেহাই যুক্ত টিকট (concessionary tickets) আৰু FFP ৰিডেম্পচন টিকটৰ বাবেও প্ৰযোজ্য।

৮) যিসকল যাত্ৰীয়ে ইতিমধ্যে যিকোনো ৰেহাইৰ অধীনত বিনামূলীয়া পৰিৱৰ্তন লাভ কৰিছে তেওঁলোকে পৰিৱৰ্তনৰ অতিৰিক্ত সুবিধা ল'বলৈ এই বিকল্পটো ব্যৱহাৰ কৰিব পাৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি