কোৰোণা সংকটৰ বাবেই বিত্তীয় সংকটত পৰা সাধাৰণ নাগৰিকসকলে ভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। পেট্ৰ'ল, ডিজেলৰ মূল্য বৃদ্ধিৰ লগতে ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্যও চলিত বছৰৰ ফেব্ৰুৱাৰী আৰু মাৰ্চত ১২৫ টকা পৰ্যন্ত বৃদ্ধি পাইছিল। এনে পৰিস্থিতিত ভাৰতীয় তেল নিগমে এইবাৰ সাধাৰণ নাগৰিকলৈ আনিছে কিছু সকাহ। আইঅ'চিয়ে জনায় যে ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ১০ টকা হ্ৰাস কৰা হৈছে আৰু নতুন মূল্য ১ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা কাৰ্যকৰী হ'ব।
চলিত বছৰতে এলপিজি চিলিণ্ডাৰৰ মূল্য এক বৃহৎ হাৰত বৃদ্ধি পাইছিল - বিগত কেইটামান মাহত এলপিজি গেছৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছিল সাধাৰণ ৰাইজক। বিগত দুমাহতে এলপিজিৰ মূল্য ১২৫ টকা বৃদ্ধি কৰা হৈছিল। ৪ ফেব্ৰুৱাৰীত, ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ২৫ টকা বৃদ্ধি কৰা হৈছিল আৰু ১৫ ফেব্ৰুৱাৰীত ৫০ টকালৈ বৃদ্ধি পাইছিল। তাৰ পিছত পুনৰ ২৫ ফেব্ৰুৱাৰীত ২৫ টকা আৰু ১ মাৰ্চতো ২৫টকা বৃদ্ধি কৰা হৈছিল। সেয়েহে এপ্ৰিলত এলপিজিৰ মূল্য হ্ৰাস কৰা হ’ব বুলি আশা কৰি আছিল সকলোৱে।
এই হ্ৰাস অত্যন্ত কম যদিও কিছু সকাহ পাব সাধাৰণ ৰাইজে -
তেল কোম্পানী(Oil Company)সমূহে প্ৰতি মাহৰ ১ তাৰিখে চিলিণ্ডাৰৰ নতুন মূল্য নিৰ্ধাৰণ কৰে। তেনস্থলত ১ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা ভাৰতীয় তেল নিগমৰ ঘোষণা অনুসৰি আপুনি ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ বাবে ১০ টকা কমকৈ পৰিশোধ কৰিব লাগিব। অৱশ্যে বিগত কেইটামান মাহত হোৱা মূল্য বৃদ্ধিৰ তুলনাত এই মূল্য হ্ৰাস অতি কম। কিন্তু নিশ্চিতভাৱে ইয়াৰ পৰা কিছু সকাহ পাব সাধাৰণ ৰাইজে।