SBIৰ গ্ৰাহকৰ কাৰণে বেয়া খবৰ! আকৌ হ্ৰাস পালে FDৰ সুতৰ হাৰ

News18 Assam | News18-Assam
Updated:March 11, 2020, 2:22 PM IST
SBIৰ গ্ৰাহকৰ কাৰণে বেয়া খবৰ! আকৌ হ্ৰাস পালে FDৰ সুতৰ হাৰ
Source-Google

মাহটোৰ ভিতৰত দ্বিতীয়বাৰলৈ এছবিআইয়ে গ্ৰাহকৰ এফডিৰ সুতৰ হাৰ হ্ৰাস কৰিছে। 

  • Share this:
নতুন দিল্লীঃ ভাৰতীয় ষ্টেট বেংকে ফিক্সড ডিপ’জিট (FD)ৰ ওপৰত মাহটোৰ ভিতৰত দ্বিতীয়বাৰলৈ সুতৰ হাৰ হ্ৰাস কৰিছে। বেংকে ৪৫দিনৰ সময়সীমাৰ চৰ্ট টাৰ্ম এফডিৰ ওপৰত সুতৰ হাৰ ০.৫০% হ্ৰাস কৰিছে। এই নতুন দৰ ১০মাৰ্চৰ পৰা বলৱৎ হৈছে। নতুন দৰ মতে, ৭ৰ পৰা ৪৫দিনলৈকে এফডিৰ ওপৰত ৪শতাংশ সুত পাব। পূৰ্বে এই সুতৰ হাৰ ৪.৫০শতাংশ আছিল। এবছৰ আৰু ততোধিক সময়সীমাৰ এফডিৰ সুতৰ হাৰ ০.১০শতাংশ হ্ৰাস কৰা হৈছে। পূৰ্বে ইয়াৰ ক্ষেত্ৰত ৬শতাংশ সুত পোৱা গৈছিল।

ফেব্ৰুৱাৰী মাহত কৰ্তন হৈছিল

ফেব্ৰুৱাৰী মাহত বেংকে এফডিৰ সুতৰ হাৰ ১০ৰ পৰা ৫০বিপিএছ হ্ৰাস কৰিছিল। বেংকে ৪৬ৰ পৰা ১৭৯দিন, ১৮০ৰ পৰা ২১০দিন আৰু ২১১ৰ পৰা এবছৰৰ অৱধিৰ এফডিৰ সুতৰ হাৰত কোনো সালসলনি কৰা নাই। বেংকে MCLRতো ১৫বিপিএছ কৰ্তন কৰিছে।

জ্যেষ্ঠ নাগৰিকৰ কাৰণে এফডিৰ সুতৰ হাৰ কি?

জ্যেষ্ঠ নাগৰিকৰ কাৰণে (SBI FD rates for Senior Citizens) এই কৰ্তনৰ পিছত ৪৬দিনৰ পৰা ১৭৯দিনলৈকে এফডিৰ ওপৰত ৫.৫০শতাংশ সুত, ১৮০ৰ পৰা ২১০দিনলৈ এফডিৰ ওপৰত জ্যেষ্ঠ নাগৰিকৰ কাৰণে ৬শতাংশ সুত পাব। ২১১দিনৰ পৰা ১বছৰলৈ সুতৰ হাৰ ৬শতাংশ থাকিব।

জ্যেষ্ঠ নাগৰিকৰ কাৰণে ১ৰ পৰা ২বছৰ, ২বছৰৰ পৰা ৩বছৰ আৰু ৩বছৰৰ পৰা ৫বছৰলৈকে সময়সীমাৰ এফডিত ৬.৪০শতাংশ সুতৰ হাৰেই লাভ কৰিব। লগতে ৫বছৰৰ পৰা ১০বছৰলৈকে সময়সীমাৰ এফডিৰ ওপৰত ৬.৪০শতাংশ সুতৰ হাৰ লাভ কৰিব।

SBI ষ্টাফে পায় সকলোতকৈ অধিক সুবিধা

যদি আপুনি এছবিআইৰ ষ্টাফ সদস্য বা পেন্সনাৰ তেনেহ’লে আপুনি ফিক্সড একাউণ্টত জমা ধনৰাশিৰ ওপৰত কোৱা সুতৰ হাৰতকৈ ১শতাংশ অধিক সুত লাভ কৰিব। যদিহে আপুনি এছবিআইৰ ষ্টাফৰ লগতে জ্যেষ্ঠ নাগৰিকো তেনেহ’লে আপুনি ১শতাংশ সুতৰ হাৰৰ লগতে ০.৫০শতাংশ সুত দুয়োটা লাভ কৰিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading