• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • পুৰণি পেঞ্চন স্কীমক লৈ ডাঙৰ খবৰ, ৰিজাৰ্ভ বেংকে জাৰি কৰিলে অধিসূচনা, কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব OPS?

পুৰণি পেঞ্চন স্কীমক লৈ ডাঙৰ খবৰ, ৰিজাৰ্ভ বেংকে জাৰি কৰিলে অধিসূচনা, কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব OPS?

ৰিজাৰ্ভ বেংকে ৰাজ্যসমূহৰ বিত্ত সন্দৰ্ভত বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিছে, য’ত কোৱা হৈছে যে মহামাৰীৰ পিছত ৰাজ্যসমূহৰ অৱস্থাৰ বহু পৰিৱৰ্তন হৈছে, যাৰ বাবে আগন্তুক সময় অতি চিন্তনীয় হ’ব পাৰে।

  • Share this:
Old Pension News : দেশজুৰি পুৰণি পেঞ্চন আঁচনি (Old Pension Scheme)ক লৈ বিভিন্ন চৰ্চা চলি আছে। দেশত কেইবাখনো ৰাজ্যত এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। আনহাতে, কেইবাখনো ৰাজ্যত পুৰণি পেঞ্চন ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে পৰিকল্পনা কৰি থকা হৈছে। এইবোৰৰ মাজতে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ডাঙৰ তথ্য পোহৰলৈ আহিছে। আৰবিআই গভৰ্ণৰে কৈছে যে যিসমূহ ৰাজ্যই পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী কৰে সেই সকলো ৰাজ্যক পৰৱৰ্তী সময়ত বিত্তীয় ব্যৱস্থাপনাৰ ভাবুকিৰ সন্মুখীন হ’ব পাৰে।

আগন্তুক সময় হ’ব পাৰে চিন্তাজনক

ৰিজাৰ্ভ বেংকে ৰাজ্যসমূহৰ বিত্ত সন্দৰ্ভত বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিছে, য’ত কোৱা হৈছে যে মহামাৰীৰ পিছত ৰাজ্যসমূহৰ অৱস্থাৰ বহু পৰিৱৰ্তন হৈছে, যাৰ বাবে আগন্তুক সময় অতি চিন্তনীয় হ’ব পাৰে। এই কাৰণতে আৰ বি আইয়ে অ’পিএছ ৰূপায়ণ কৰা ৰাজ্যসমূহৰ বাবে চিন্তাৰ বিষয় বুলি কৈছে।

হিমাচল প্ৰদেশ চতুৰ্থ ৰাজ্য
যি সময়ত বহু ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা ৰূপায়ণ কৰি আছে সেই সময়তে আৰ বি আইৰ এই বিবৃতি জাৰি কৰা হৈছে। একে সময়তে বহু ৰাজ্যই ইয়াক পুনৰুদ্ধাৰ কৰাৰ পৰিকল্পনা কৰিছে। জানুৱাৰী মাহত হিমাচল চৰকাৰৰ কৰ্মচাৰীৰ বাবেও অ’পিএছ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

এই ৪ খন ৰাজ্যই কাৰ্যকৰী কৰিছে
আপোনালোকক কওঁ যে আগতে ছত্তীশগড় চৰকাৰ, ৰাজস্থান চৰকাৰ, পঞ্জাৱ চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা ৰূপায়ণ কৰিছে। ইয়াৰ সমান্তৰালকৈ হিমাচল চৰকাৰেও এই ব্যৱস্থা ৰূপায়ণ কৰিছে।

পুৰণি পেঞ্চন আঁচনিৰ সুবিধা কি কি?
পুৰণি পেঞ্চন আঁচনিৰ সুবিধাৰ কথা ক’বলৈ গ’লে ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল অন্তিম দৰমহাৰ ভিত্তিত প্ৰস্তুত হয়। ইয়াৰ উপৰি মূল্যবৃদ্ধিৰ দৰ বৃদ্ধিৰ লগে লগে ডি এও বৃদ্ধি পায়। চৰকাৰে নতুন পে কমিচন কাৰ্যকৰী কৰিলেও পেঞ্চন বৃদ্ধি হয়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি