এতিয়া কোনো নথি–পত্ৰ নোহোৱাকৈয়ে বনাব পাৰিব আধাৰ কাৰ্ড, চাওক সম্পূৰ্ণ প্ৰক্ৰিয়া

News18 Assam | News18-Assam
Updated:December 2, 2019, 12:14 PM IST
এতিয়া কোনো নথি–পত্ৰ নোহোৱাকৈয়ে বনাব পাৰিব আধাৰ কাৰ্ড, চাওক সম্পূৰ্ণ প্ৰক্ৰিয়া
যদি আপোনাৰ ওচৰত পৰিচয় পত্ৰ আৰু এড্ৰেছ প্ৰুফ নাই, তথাপিও আপুনি কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে।

যদি আপোনাৰ ওচৰত পৰিচয় পত্ৰ আৰু এড্ৰেছ প্ৰুফ নাই, তথাপিও আপুনি কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে।

  • Share this:
আধাৰ কাৰ্ড প্ৰতিজন নাগৰিকৰ বাবে অতি প্ৰয়োজনীয়। আধাৰ কাৰ্ডৰ গুৰুত্ব পূৰ্বতকৈ বৃদ্ধি পাইছে। বহু সময়ত আধাৰ কাৰ্ড নথকাৰ বাবে আধৰুৱা হৈ ৰয় বহু গুৰুত্বপূৰ্ণ কাম। আধাৰ কাৰ্ড বনাবৰ বাবে পৰিচয় পত্ৰ আৰু এড্ৰেছ প্ৰুফৰ দৰে নথিৰ প্ৰয়োজন হয়। কিন্তু এতিয়া কোনো নথি–পত্ৰ নোহোৱাকৈয়ে আপুনি বনাব পাৰিব আধাৰ কাৰ্ড।

ইনট্ৰ’ডিউচাৰৰ সহায় লওক :
UIDAI–এ নথি–পত্ৰ অবিহনে আধাৰ কাৰ্ড বনোৱাৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ বাবে আপুনি সহায় ল’ব পাৰে Introducerৰ। Introducer হ’ল সেইজন ব্যক্তি যিজনে PoI বা PoA নথকা লোকৰ পঞ্জীয়নৰ দ্বাৰা ভেৰিফাই কৰে। Intorducerৰ ওচৰত আধাৰ কাৰ্ড থকাটো বাঞ্চনীয় আৰু তেওঁ কোনো আবেদনকাৰীৰ সৈতে পঞ্জীকৰণ চেণ্টাৰত উপস্থিত থকাটো আৱশ্যক।

৩ মাহ থাকিব ভেলিডিটী :
Introducerৰ বাবে আবেদনকাৰীৰ চিনাক্ত আৰু এড্ৰেছ কনফাৰ্ম কৰাটো প্ৰয়োজনীয়। তাৰ বাবে তেওঁ এনৰ’লমেণ্ট ফৰ্মত চহী কৰিব লাগে। UIDAIৰ ফালৰ পৰা জাৰি কৰা ছাৰ্কুলাৰৰ মতে, Introducer–এ আবেদনকাৰীৰ নামত প্ৰমাণপত্ৰ জাৰি কৰে। ইয়াৰ ভেলিটিডী থাকে তিনি মাহ।

HoFৰ জৰিয়তে বনাব পাৰি আধাৰ :
যদি আপোনাৰ ওচৰত পৰিচয় পত্ৰ আৰু এড্ৰেছ প্ৰুফ নাই, তথাপিও আপুনি কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ বাবে পৰিয়ালৰ কোনো নথি যেনে ৰেচন কাৰ্ড আদি থকাটো প্ৰয়োজন। এইক্ষেত্ৰত পৰিয়ালৰ মুৰব্বীজনে পূৰ্বে PoI আৰু PoAৰ জৰিয়তে আধাৰ বনোৱা ব্যক্তি হ’ব লাগিব। তাৰ পিছত পৰিয়ালৰ মুৰব্বীয়ে পৰিয়ালৰ আন সদস্যসকলৰ Introducer হ’ব পাৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি