Facebook ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰঃ এতিয়াৰ পৰা ১ মিনিটৰ ভিডিও নিৰ্মাণ কৰি উপাৰ্জন কৰিব পাৰিব টকা, কি কৰিব লাগিব জানি লওক?

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:50 PM IST
Facebook ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰঃ এতিয়াৰ পৰা ১ মিনিটৰ ভিডিও নিৰ্মাণ কৰি উপাৰ্জন কৰিব পাৰিব টকা, কি কৰিব লাগিব জানি লওক?
ফেচবুক ইংকে বৃহস্পতিবাৰে কৈছে যে, তেওঁলোকে নিজৰ প্লেটফৰ্মত কণ্টেণ্ট ক্ৰিয়েটৰ্চ সকলক বিজ্ঞাপনৰ জৰিয়তে চৰ্ট ফৰ্ম ভিডিও নিৰ্মাণৰ জৰিয়তে উপাৰ্জনৰ অনুমতি দিব। কোম্পানীয়ে এই ঘোষণা এটা ব্লগৰ জৰিয়তে দিয়ে। ইয়াৰ বাবে কোম্পানীয়ে সাজু কৰিছে এখন স্কীম।

  • Share this:
যদি আপুনি ছচিয়েল মিডিয়াৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে, তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। বিশ্বৰ আটাইতকৈ ডাঙৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকে টকা উপাৰ্জনৰ সুবিধা প্ৰদান কৰিছে। ফেচবুক ইংকে বৃহস্পতিবাৰে কৈছে যে, তেওঁলোকে নিজৰ প্লেটফৰ্মত কণ্টেণ্ট ক্ৰিয়েটৰ্চ সকলক বিজ্ঞাপনৰ জৰিয়তে চৰ্ট ফৰ্ম ভিডিও নিৰ্মাণৰ কৰি উপাৰ্জনৰ অনুমতি দিব। কোম্পানীয়ে এই ঘোষণা এটা ব্লগৰ জৰিয়তে দিয়ে। ইয়াৰ বাবে কোম্পানীয়ে সাজু কৰিছে এখন স্কীম।

কোম্পানীয়ে ব্লগৰ জৰিয়তে কৈছে যে, ফেচবুকে এতিয়াৰ পৰা ক্ৰিয়েটৰ্চ সকলে যাতে অধিক টকা উপাৰ্জন কৰিব পাৰে, সেই দিশটোক গুৰুত্ব দিব। য'ত ক্ৰিয়েটৰ্চে সৰু ভিডিও নিৰ্মাণ কৰি বিজ্ঞাপনৰ জৰিয়তে টকা উপাৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও, ফেচবুকে এই কথাও কৈছে যে, কোনবোৰ পদ্ধতিৰে ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব পৰা যায়?

১ মিনিট পৰ্যন্ত ভিডিওত লাভ কৰিব ধনঃ

কোম্পানীয়ে এতিয়া ছচিয়েল মিডিয়া নেটৱৰ্কত কণ্টেণ্ট ক্ৰিয়েটৰ্চৰ বাবে বিমুদ্ৰাকৰণৰ বিকল্প বঢ়াই দিছে। ফেচবুকৰ ফালৰ পৰা জনোৱা মতে, ব্যৱহাৰকাৰীয়ে ১ মিনিটৰ ভিডিও প্ৰস্তুত কৰি টকা উপাৰ্জন কৰিব পাৰিব। চৰ্ত থাকিব মাত্ৰ, এই ১ মিনিটৰ ভিডিওত কমেও ৩০ ছেকেণ্ডৰ বিজ্ঞাপন চলাব লাগে। সেইদৰে তিনি মিনিট বা তাতকৈ অধিক সময়ৰ ভিডিওৰ বাবে কমেও ৪৫ ছেকেণ্ডৰ বিজ্ঞাপন থাকিব লাগে।

পোষ্টত হ'ব লাগিব ৬ লাখ views

কোম্পানীয়ে কৈছে যে, য়ুজাৰ্চ বা পেজে যোৱা ৬০ দিনৰ হিচাপত তেওঁলোকৰ ভিডিওই সৰ্বমুঠ ৬ লাখ ভিউচ লাভ কৰিব লাগিব। লাইভ ভিডিওত নতুন বিজ্ঞাপন প্ৰণালীৰ বাবে ব্যৱহাৰকাৰীয়ে ভিডিও ৬০,০০০ মিনিট চোৱাটো বাধ্যতামূলক হব। কোম্পানীয়ে নিজৰ পচন্দৰ পেজক এটা 'ষ্টাৰ'ৰ সৈতে ক্লীক কৰিবলৈ এটা নতুন সুবিধাৰ ওপৰতো কাম কৰি আছে।
Published by: Himangshu Bhuyan
First published: March 12, 2021, 4:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি