
Source-Google
মাধমাৰ! সৰ্বসাধাৰণৰ আকৌ কেন্দ্ৰীয় চৰকাৰৰ মাধমাৰ!
মাধমাৰ! সৰ্বসাধাৰণৰ আকৌ কেন্দ্ৰীয় চৰকাৰৰ মাধমাৰ! ২১ বিধ ঔষধৰ দাম প্ৰায় ৫০ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। এই ঔষধ সমূহৰ ভিতৰত আছে এণ্টিবায়টিক, ভিটামিন আৰু মেলেৰীয়াৰ ঔষধ। ইয়াৰ লগতে বিচিজি ভেক্সিন, কুষ্ঠ ৰোগ নিৰাময়ৰ ঔষধৰ মূল্যও বৃদ্ধি পোৱা সম্ভাৱনা আছে।
মিডিয়া ৰিপৰ্ট অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ সংস্থা NPPA এ Drug Price Control Order 2013 ৰ পাৰাগ্ৰাফ ১৯ৰ আদেশ সংশোধন কৰি ঔষধৰ মূল্য বৃদ্ধিত মঞ্জুৰ কৰে। আগতে এই নিয়মৰ ব্যৱহাৰ কেৱল ঔষধৰ দাম হ্ৰাস কৰাৰ বাবে কৰা হৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|