যদি আপুনিও ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক তেন্তে এই বাতৰি আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ভাৰতীয় ষ্টেট বেংকে ইয়াৰ গ্ৰাহকসকলক ২ লাখ টকালৈকে বিনামূলীয়া বীমা আগবঢ়াইছে। দৰাচলতে বেংকে জন ধন একাউণ্টৰ গৰাকীসকলক (Jan Dhan Accounts) এই সুবিধা প্ৰদান কৰি আছে। ষ্টেট বেংকে যিসকল গ্ৰাহকৰ ওচৰত ৰুপে (RuPay) ডেবিট কাৰ্ড আছে তেওঁলোকক ২ লাখ টকালৈকে বিনামূলীয়া আকস্মিক বীমা প্ৰদান কৰে। ৰুপে ডেবিট কাৰ্ড ব্যৱহাৰ কৰা সকলে মৃত্যু বীমা, ক্ৰয় সুৰক্ষা আৱৰণ আৰু অন্যান্য লাভালাভ প্ৰাপ্ত কৰে। জন ধন একাউণ্টৰ গৰাকীসকলে বিনামূলীয়া বীমা প্ৰাপ্ত কৰিব পাৰে।
২০১৪ চনত আৰম্ভ হৈছিল এই আঁচনি
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী জন ধন যোজনা (PM Jan Dhan Scheme) ২০১৪ চনত আৰম্ভ হৈছিল। আঁচনিখনে অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক বিত্তীয় সেৱা, বেংক সঞ্চয় আৰু জমা একাউণ্ট, ঋণ, বীমা, পেঞ্চন সুলভ প্ৰকাৰে প্ৰাপ্ত কৰাটো নিশ্চিত কৰে। যিকোনো লোকে তেওঁলোকৰ কেৱাইচি (KYC) প্ৰদান কৰি অনলাইন জন ধন একাউণ্ট খুলিব পাৰে।
ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো আছে বিকল্প
সাধাৰণ সঞ্চয় একাউণ্টক (Savings Account)জন ধন যোজনাৰ একাউণ্টলৈ স্থানান্তৰ (Transfar) কৰাৰ বিকল্পও আছে। যিসকলৰ জন ধন যোজনাৰ একাউণ্ট আছে তেওঁলোকে বেংকৰ পৰা RuPay PMJDY কাৰ্ড লাভ কৰে। ২৮ আগষ্ট, ২০১৮ লৈকে খোলা জন ধন একাউণ্টত জাৰি কৰা RuPay PMJDY কাৰ্ডৰ বীমা ৰাশি হ'ব ১ লাখ টকা। ২৮ আগষ্ট, ২০১৮ৰ পিছত জাৰি কৰা RuPay কাৰ্ডখনে ২ লাখ টকালৈকে দুৰ্ঘটনাজনিত সুবিধা লাভ কৰিব।
জানি লওক কিদৰে কৰিব দাবী (Claim)?
এই আঁচনিৰ অধীনত ব্যক্তিগত দুৰ্ঘটনা নীতিয়ে ভাৰতৰ বাহিৰৰ ঘটনাবোৰো সামৰি লয়। প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰাৰ পিছত বীমাৰ পৰিমাণ অনুসৰি দাবী কৰা ধন ভাৰতীয় টকাত পৰিশোধ কৰা হ'ব। আদালতৰ নিৰ্দেশ অনুসৰি, হিতাধিকাৰী কাৰ্ডধাৰক বা আইনী উত্তৰাধিকাৰীৰ একাউণ্ট নমিনি হ'ব পাৰে।
দাবীৰ বাবে প্ৰয়োজন হ'ব এইসমূহ নথিপত্ৰ
>> আপোনাৰ দাবী প্ৰ-পত্ৰত স্বাক্ষৰ কৰিব লাগিব আৰু সম্পূৰ্ণ পূৰণ কৰিব লাগিব।
>> মৃত্যু প্ৰমাণপত্ৰৰ (Death Certificate) মূল বা প্ৰমাণিত প্ৰতিলিপি ।
>> দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰা এজাহাৰৰ (FIR) মূল বা প্ৰমাণিত প্ৰতিলিপি।
>> মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু ৰাসায়নিক বিশ্লেষণৰ লগতে FSL প্ৰতিবেদনৰ প্ৰয়োজন হ'ব। য'তেই প্ৰযোজ্য নহওক, ৰাসায়নিক বিশ্লেষণ/FSL ৰিপোৰ্টৰ সৈতে মৰণোত্তৰ পৰীক্ষাৰ মূল বা প্ৰমাণিত প্ৰতিলিপি।
>> আধাৰকাৰ্ডৰ কপি আৰু নমিনিৰ নাম।
>> RuPay কাৰ্ড জাৰি কৰা বেংকবোৰে কৰ্তৃত্ব প্ৰাপ্ত স্বাক্ষৰকাৰী আৰু বেংক ষ্টাম্প পেপাৰত এইটো লিখিব লাগিব যে কাৰ্ডধাৰকৰ ওচৰত RuPay কাৰ্ড আছিল আৰু কাৰ্ডখনৰ ১৬ টা অংকৰ নম্বৰ লিখিব লাগিব। সকলো নথিপত্ৰ ৯০ দিনৰ ভিতৰত দাখিল কৰিব লাগিব। মনোনীত ব্যক্তি বা নমিনিৰ নাম আৰু বেংকৰ বিৱৰণ, মনোনীত ব্যক্তিৰ পাছবুকৰ প্ৰতিলিপি, দুৰ্ঘটনা সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ হিন্দী আৰু ইংৰাজী প্ৰতিলিপি, বেংক বিষয়াৰ নাম আৰু যোগাযোগৰ বিৱৰণ আৰু ইমেইল আইডি প্ৰদান কৰিব লাগিব।
>> এই সকলো বোৰ নথি পত্ৰ দিয়াৰ পিছত ১০টা কৰ্মদিনত (Ten Working days)দাবীৰ (Claim) ক্ষেত্ৰত সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব। এই সকলোবোৰ লাভালাভ ৩১ মাৰ্চ, ২০২২ৰ ভিতৰত প্ৰদান কৰা হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|