সুধাকণ্ঠৰ গুণমুগ্ধসকলৰ বাবে এক সু-খবৰ। শীঘ্ৰে কলিয়াবৰত নিৰ্মাণ হ'ব সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সাংস্কৃতিক প্ৰকল্প। কলিয়াবৰৰ কুঠৰীস্থিত ড৹ ভূপেন হাজৰিকাৰ বাসগৃহত অসম চৰকাৰৰ দ্বাৰা নিৰ্মাণ হ'ব সাংস্কৃতিক প্ৰকল্প।
নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে এক পত্ৰযোগে ৭বিঘা ভুমিসহ সুধাকণ্ঠৰ গৃহটি হস্তান্তৰ কৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক। সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নামত থকা কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বাৰ-বাগৰি মৌজাৰ ন-জান গাঁৱৰ পটা নং ১৫ আৰু দাগ নম্বৰ ২৮৮, ২৯০ আৰু ২৯১ দাগৰ মুঠ ৭ বিঘা ভুমি ভাইড অৰ্ডাৰ নং NRK 16/2018/137 St. 15/07/21 মৰ্মে বাসগৃহ সহিতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক হস্তান্তৰ কৰে সংশ্লিষ্ট বিভাগে।
উল্লেখ যে, সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ কুঠৰীস্থিত বাসগৃহটি সংৰক্ষণ কৰি এটা সাংস্কৃতিক প্ৰকল্প গঢ়ি তোলাৰ দীৰ্ঘদিনীয়া দাবী আছিল কলিয়াবৰৰ ৰাইজ তথা ভূপেন হাজৰিকাৰ গুণমুগ্ধৰ। সুধাকন্ঠ গুণমুগ্ধৰ দাবীৰ প্ৰতি সন্মান জনাই কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত কিছুদিন পূৰ্বে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত হৈ পৰিদৰ্শন কৰিছিল ভূপেন দাৰ কুঠৰীৰ আপোন ঘৰখন। মাজুলীত বহা প্ৰথমখন কেবিনেট বৈঠকত ড০ ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহটোৰ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তাৰ পিচতেই সুধাকণ্ঠ বাসগৃহসহ সেই ভুমি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক হস্তান্তৰ কৰে সংশ্লিষ্ট বিভাগে। ভূপেন দাৰ কুঠৰীস্থিত ঘৰখনৰ চোৱা-চিতাৰ দায়িত্বত থকা তথা একালত ভূপেনদাৰ লগত ছাঁৰ দৰে লাগি থকা সুৰেণ নেওগে ভূপেনদাৰ ঘৰ সাংস্কৃতিক বিভাগক হস্তান্তৰ কৰাত প্ৰশংসা কৰিছে চৰকাৰখনক।
Published by: Kokil Sarma
FIRST PUBLISHED : August 03, 2021, 09:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।