শ্বেয়াত তিৱাৰীয়ে ফেশ্বনৰ সৈতে জড়িত ৱেব চিৰিজৰ প্ৰস্তুতি আৰু প্ৰমোচনৰ বাবে ভূপালত উপস্থিত হৈ বিতৰ্কিত মন্তব্য কৰিলে অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে।
শ্বেয়াত তিৱাৰীয়ে ফেশ্বনৰ সৈতে জড়িত ৱেব চিৰিজৰ প্ৰস্তুতি আৰু প্ৰমোচনৰ বাবে ভূপালত উপস্থিত হৈ বিতৰ্কিত মন্তব্য কৰিলে অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে।
বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিব পাৰে অভিনেত্ৰী শ্বেতা তিৱাৰী। ফেশ্বনৰ সৈতে জড়িত ৱেব চিৰিজৰ প্ৰস্তুতি আৰু প্ৰমোচনৰ বাবে ভূপাললৈ অহা শ্বেতা তিৱাৰীয়ে তেওঁৰ বক্তব্যক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে। ৱেব চিৰিজৰ ঘোষণাৰ সময়ত, শ্বেতা তিৱাৰীয়ে কয় যে, মোৰ ব্ৰাৰ চাইজ ঈশ্বৰে লৈছে। যদিও শ্বেতা তিৱাৰীয়ে এইকথা ধেমেলীয়াকৈ কৈছিল, কিন্তু এতিয়া শ্বেতা তিৱাৰী এই মন্তব্যক লৈ বিতৰ্ক হৈছে। ৰাজ্যৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই গোটেই ঘটনাটোত ভূপাল আৰক্ষী আয়ুক্তৰ পৰা তদন্ত প্ৰতিবেদন বিচাৰিছে।
উল্লেখ্য যে, ফেশ্বন সম্পৰ্কীয় ৱেব চিৰিজৰ ঘোষণাৰ বাবে ষ্টাৰকাষ্ট প্ৰযোজনা দলৰ সৈতে ভূপাললৈ আহিছিল শ্বেতা। শ্বেতা তিৱাৰীয়ে আলোচনাৰ সময়ত ধেমেলীয়া ধৰণে কৈছিল যে, ভগৱানে মোৰ ব্ৰাৰ চাইজ লৈ আছে। ৰাজ্য চৰকাৰে এতিয়া এই গোটেই বিষয়টোক লৈ এক্সন লোৱাৰ দিশে আগবাঢ়িছে।
ৰাজ্যখনৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই গোটেই ঘটনাটোত ভূপাল আৰক্ষী আয়ুক্তৰ পৰা তদন্ত প্ৰতিবেদন বিচাৰিছে। মন্ত্ৰী নৰোত্তম মিশ্ৰাই কৈছিল যে, তেওঁ অভিনেত্ৰী শ্বেতা তিৱাৰীৰ বক্তব্য দেখিছিল আৰু শুনিছিল। তেওঁৰ বক্তব্য আপত্তিজনক আৰু নিন্দনীয়। সমগ্ৰ বিষয়টোৰ তথ্য পৰীক্ষা কৰিবলৈ ভূপাল আয়ুক্তক নিৰ্দেশনা জাৰি কৰা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|