কোৰোণাৰ দ্বিতীয় ঢৌত পুনৰ এবাৰ সমগ্ৰ দেশত বিভীষিকাৰ পৰিৱেশ। এনে পৰিৱেশত মানুহৰ লগতে কোম্পানীসমূহেও নিজৰ নিজৰ পৰিসৰত মানুহক সহায় আগবঢ়াইছে। টেলিকম কোম্পানী ভাৰতী এয়াৰটেলেও (Bharti Airtel) ইয়াত হাত আগবঢ়াইছে। এয়াৰটেলে নিজৰ কম আয়ৰ গ্ৰাহকসকলক এই মহামাৰীৰ সময়ত নিজৰ নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ থাকিবলৈ সহায় কৰাৰ বাবে বিশেষ লাভলাভৰ ঘোষণা কৰিছে। কোম্পানীয়ে কোৰোণা ভাইৰাছ মহামাৰীৰ মাজত এজনে আনজনৰ সৈতে সংযুক্ত হৈ থকাৰ ক্ষেত্ৰত সহায় কৰিবলৈ নিজৰ নেটৱৰ্কৰ কম আয়ৰ ৫.৫ কোটি গ্ৰাহকক ৪৯ টকাৰ ৰিচাৰ্জ পেক ফ্ৰী দিব।
আনহাতে, ৭৯ টকাৰ ৰিচাৰ্জ কুপন কিনা এয়াৰটেল প্ৰিপেইড গ্ৰাহকসকলে এতিয়া দুগুণ লাভ পাব। এয়াৰটেলে দেওবাৰে এক বিবৃতিত কয় যে কম আয়ৰ ৫.৫ কোটি গ্ৰাহকক ৪৯ টকাৰ পেক ফ্ৰী দিব। এই পেকত ৩৮ টকাৰ টকটাইম আৰু ২৮ দিনৰ বৈধতাৰ সৈতে ১০০এমবি ডাটা থাকিব।
এয়াৰটেলে কয় যে গ্ৰাহকসকলে এই লাভ আগন্তুক সপ্তাহৰ পৰা লাভ কৰিব। নিজৰ এই আঁচনিৰ জৰিয়তে কোম্পানীয়ে ৫.৫ কোটিৰো অধিক গ্ৰাহকক মজবুত কৰিব বিচাৰিছে। ইয়াৰ ভিতৰত অধিক সংখ্যক গ্ৰাহক গ্ৰামাঞ্চলৰ। এনে অৱস্থাত তেওঁলোক নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ থাকিব আৰু প্ৰয়োজনত তেওঁলোকে কোৰোণাৰ সৈতে সম্বন্ধিত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব।