৪) নতুন চেক বুক চাৰ্জ
ইয়াৰ বাহিৰে চেকবুকৰ চাৰ্জৰ ক্ষেত্ৰতো পৰিৱৰ্তন কৰা হৈছে। SBI BSBD একাউণ্ট হোল্ডাৰ্ছে এটা বিত্তীয় বৰ্ষত ১০ পেজৰ চেকবুক ফ্ৰিতে পায়। অৱশ্যে ফ্ৰি চেক বুকৰ পিছত এতিয়া BSBD একাউণ্ট হোল্ডাৰ্ছে ১০ পেজৰ চেকবুকৰ কাৰণে ৪০টকা আৰু GST ভৰিব লাগিব। সেইদৰে ২৫ পেজৰ চেকবুকৰ কাৰণে ৭৫টকা আৰু GST দিব লাগিব। ইয়াৰ বাহিৰে যদি কোনোবা একাউণ্ট হোল্ডাৰে ইমাৰজেন্সীৰ সময়ত ১০পেজৰ চেকবুক বিচাৰে তেতিয়া তেওঁ ৫০টকা আৰু GST আদায় দিব লাগিব। আনহাতে জ্যেষ্ঠ নাগৰিকক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।
দেশৰ সৰ্ববৃহৎ বেংক, ভাৰতীয় ষ্টেট বেংকে ভুৱা গ্ৰাহক সেৱা নম্বৰৰ পৰা বাচি থাকিবলৈ কিছু সতৰ্কবাণী জাৰি কৰিছে।
কোৰোণা কালত ডিজিটেল লেনদেন যথেষ্ট বৃদ্ধি পাইছে। অনলাইন লেনদেন বৃদ্ধি হোৱাৰ লগে লগে ডিজিটেল প্ৰৱঞ্চনাৰ ঘটনাও যথেষ্ট বৃদ্ধি পাইছে। চাইবাৰ অপৰাধীসকলে মানুহক তেওঁলোকৰ প্ৰৱঞ্চনাৰ চিকাৰ কৰিবলৈ বিভিন্ন কৌশল প্ৰয়োগ কৰিছে। বেংকবোৰেও সময়ে সময়ে তেওঁলোকৰ গ্ৰাহকসকলক প্ৰৱঞ্চকৰ কবলৰ পৰা সুৰক্ষিত কৰিবলৈ সতৰ্ক বাণী প্ৰচাৰ কৰি আহিছে। একে ধৰণে, দেশৰ সৰ্ববৃহৎ বেংক, ভাৰতীয় ষ্টেট বেংকে ভুৱা গ্ৰাহক সেৱা নম্বৰৰ পৰা বাচি থাকিবলৈ কিছু সতৰ্কবাণী জাৰি কৰিছে।
ইতিমধ্যে টুইটাৰৰ জৰিয়তে ষ্টেট বেংক অৱ ইণ্ডিয়াই ভুৱা গ্ৰাহক সেৱা নম্বৰৰ পৰা বাচি থাকিবলৈ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ আনুষ্ঠানিক ৱেবছাইট চাবলৈ অনুৰোধ জনাইছে। ভাৰতীয় ষ্টেট বেংকে এক টুইটযোগে কৈছে, "ভুৱা গ্ৰাহক সেৱা নম্বৰৰ পৰা বাচি থাকক। প্ৰকৃত গ্ৰাহক সেৱা নম্বৰৰ বিষয়ে জানিবলৈ ষ্টেট বেংকৰ অফিচিয়েল ৱেব পেজ চাওক। নিজৰ একাউণ্টৰ গোপনীয় তথ্য কাৰো লগত শ্বেয়াৰ নকৰিব।" SBI–এ এই সন্দৰ্ভত টুইটাৰত এটা ভিডিঅ' মুকলি কৰাৰ লগতে যিকোনো সহায়ৰ বাবে ১৫৫২৬০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
যেতিয়া আপুনি ভুৱা গ্ৰাহক সেৱা নম্বৰত ফোন কৰে, প্ৰৱঞ্চকসকলে আপোনাৰ পৰা বেংক একাউণ্টৰ বিৱৰণ লয় আৰু তাৰ পিছত আপোনাৰ বেংক একাউণ্টৰ পৰা সকলো ধন হৰলুকী কৰে। ফোনত তেওঁলোকে আপোনাৰ ব্যক্তিগত তথ্য যেনে নাম, ঠিকনা, ম'বাইল নম্বৰ, ই–মেইল আইডি, একাউণ্ট নম্বৰ, ডেবিট কাৰ্ড নম্বৰ, অ'টিপি আদি সংগ্ৰহ কৰে আৰু তাৰ পিছত আপোনাৰ একাউণ্টৰ ধন হৰলুকী কৰে। গতিকে আপুনি যদি গ্ৰাহক সেৱা নম্বৰটো মনত নাৰাখে তেন্তে সদায়ে বেংকৰ অফিচিয়েল ৱেবছাইটৰ পৰা নম্বৰটো সংগ্ৰহ কৰক।
বেংকে তেওঁলোকৰ গ্ৰাহকসকলক ডিজিটেল প্ৰৱঞ্চনা বা অনলাইন ফিছিঙৰ বিষয়ে পূৰ্বেও সতৰ্ক কৰিছিল। বেংকৰ পৰা জনোৱা তথ্য অনুসৰি, যদি আপুনি আপোনাৰ ইনবক্সত এনে লিংক পাইছে নেকি সেইবোৰ কেতিয়াও ক্লিক নকৰিব। এনে ধৰণৰ ফিছিং লিংকত ক্লিক কৰিলে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ধন পলকতে নাইকীয়া হ'ব পাৰে। সাৱধান হওক, এনে লিংকত ক্লিক কৰাৰ আগতে চিন্তা কৰক। আমি সকলোৱে জানো, অনলাইন ঠগবোৰে সহজ-সৰল লোকসকলক ফান্দত পেলায় আৰু তেওঁলোকৰ সঞ্চয় একাউণ্টৰ সকলো ধন হৰলুকী কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|