• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • স্নান কৰোতে প্ৰথমে পানী ক'ত ঢালে? ঠাণ্ডা নে গৰম পানীৰে গা ধুব লাগে? ৯৯ শতাংশ লোকে নাজানে গা ধোৱাৰ সঠিক পদ্ধতি!

স্নান কৰোতে প্ৰথমে পানী ক'ত ঢালে? ঠাণ্ডা নে গৰম পানীৰে গা ধুব লাগে? ৯৯ শতাংশ লোকে নাজানে গা ধোৱাৰ সঠিক পদ্ধতি!

আপুনি জানেনে আমি কোনটো সময়ত গা ধুব লাগে বা গা ধোৱাৰ সময়ত আমি কি কি নিয়ম মানি চলিব লাগে?

আপুনি জানেনে আমি কোনটো সময়ত গা ধুব লাগে বা গা ধোৱাৰ সময়ত আমি কি কি নিয়ম মানি চলিব লাগে?

আপুনি জানেনে আমি কোনটো সময়ত গা ধুব লাগে বা গা ধোৱাৰ সময়ত আমি কি কি নিয়ম মানি চলিব লাগে?

  • Share this:
    আমি নিজকে পৰিষ্কাৰ কৰি ৰাখিবলৈ নিতৌ স্নান কৰো। কাৰণ ই স্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আপুনি জানেনে আমি কোনটো সময়ত গা ধুব লাগে বা গা ধোৱাৰ সময়ত আমি কি কি নিয়ম মানি চলিব লাগে? আজি আপোনালোকক জনাম স্নান কৰাৰ সঠিক পদ্ধতি।

    শীত কালেই হওক বা গ্ৰীষ্ম কালেই হওক কেতিয়াও গৰম পানীৰে গা ধুব নালাগে। সদায় পৰিষ্কাৰ ঠাণ্ডা পানীৰে গা ধোৱা উচিত। গৰম পানীৰে গা ধুলে মূৰ বিষ, ছাল শুকান, আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতাও কমিব পাৰে। কেৱল কিছুমান বেমাৰৰ ক্ষেত্ৰতহে স্নান কৰাৰ সময়ত গৰম পানী ব্যৱহাৰ কৰা উচিত।

    যদি আপুনি ঠাণ্ডা পানীৰে গা ধুইছে তেন্তে প্ৰথমতে মূৰত পানী ঢালক আৰু যদি গৰম পানীৰে গা ধুইছে তেন্তে প্ৰথমে ভৰি দুখন তিয়াই লওক তাৰ পিছত গাত পানী ঢালক। ইয়াৰ ফলত শৰীৰত ব্লাড ফ্লো সঠিক হৈ থাকে।

    ৰাতিপুৱাৰ তুলনাত সন্ধিয়া গা ধোৱাটো স্বাস্থ্যৰ বাবে অধিক উপকাৰী। তথ্য অনুসৰি, যদি নিশা গা ধুইছে তেন্তে ব্যক্তিজন নিৰোগী। দৰাচলতে, ৰাতি গা ধোৱাটো ছালৰ বাবে যথেষ্ট উপকাৰী। বিশেষকৈ গ্ৰীষ্ম বা বৰষুণৰ বতৰত, এনে কৰাটো অতি লাভজনক।

    আযুৰ্বেদৰ মতে, খোৱাৰ পিছত ১ৰ পৰা দুই ঘণ্টালৈকে গা ধুব নালাগে। ইয়াৰ উপৰিও, দিনত বহুবাৰ গা ধোৱা পৰিহাৰ কৰিব লাগে। যদি শুবলৈ লৈছে , তাৰ ঠিক আগতে গা ধোৱাটো পৰিহাৰ কৰিব লাগে, আৰু যদি আপুনি দীঘলীয়াকৈ গা ধুবলৈ অভ্যস্ত, তেনেহ’লে এইটো একেবাৰে কৰা উচিত নহয়। শোৱা আৰু গা ধোৱাৰ মাজত ব্যৱধান ৰাখিব লাগে।
    Published by:Himangshu Bhuyan
    First published: