কোৰোণা মহামাৰীৰ মাজতে যদি আপুনি সামান্য ধনেৰে কোটিপতি হোৱাৰ কথা ভাবিছে, তেন্তে আপুনি সহজেই পূৰণ কৰিব পাৰে আপোনাৰ এই সপোন । প্ৰণালীবদ্ধ বিনিয়োগ আঁচনি (SIP- Systematic Investment Plan)ৰ সৈতে আপুনি সামান্য বিনিয়োগ কৰিয়েই কোটিপতি হ'ব পাৰিব। আজিৰ সময়ত ই হৈছে উন্নত লাভৰ এটা সৰ্বশ্ৰেষ্ঠ বিকল্প । কিন্তু শ্বেয়াৰ বজাৰৰ বৃদ্ধি আৰু পতনৰ বাবে ইয়াৰ ৰিটাৰ্ণ বৃদ্ধি-হ্ৰাস হ'ব পাৰে ।
বিশেষজ্ঞসকলে বৰ্তমান বিশ্বাস কৰে যে যদি এজন বিনিয়োগকাৰীয়ে SIPৰ জৰিয়তে অধিক ৰিটাৰ্ণ পাব বিচাৰে, তেন্তে তেওঁলোকে ইয়াত দীৰ্ঘম্যাদী বিনিয়োগ কৰিব লাগিব। SIPত কমপ্লিমেণ্টিং লাভৰ সুবিধা পোৱা যায় আৰু ইয়াৰ বাবে বিশেষজ্ঞসকলে ১৫ ৰ পৰা ২০ বছৰৰ বাবে বিনিয়োগ কৰাৰ পৰামৰ্শ দিয়ে।
১৫ৰ পৰা ২০ শতাংশলৈকে ৰিটাৰ্ণ -
বজাৰ বিশেষজ্ঞসকলৰ মতে, যদি আপুনি ইয়াত ২০ বছৰৰ বাবে বিনিয়োগ কৰে, তেন্তে গ্ৰাহকসকলে ১৫ৰ পৰা ২০ শতাংশৰ ভিতৰত ৰিটাৰ্ণ পাব পাৰে। এই মুহূৰ্তত বিনিয়োগকাৰীয়ে কেনে ধৰণৰ SIP নীতি বাছনি কৰিছে তাৰ ওপৰতহে নিৰ্ভৰ কৰে সকলো । যদি সঠিক সময়ত সঠিক SIP বাছনি কৰা হয়, তেন্তে ১৫ শতাংশৰ পৰা ২০ শতাংশলৈকে ৰিটাৰ্ণ সহজে উপলব্ধ হয়।
কেনেদৰে বিনিয়োগ কৰিব?
উদাহৰণ স্বৰূপে, যদি আপুনি SIPত ৪,৫০০ টকা বিনিয়োগ কৰে আৰু ইয়াৰ ওপৰত ১৫ শতাংশ ৰিটাৰ্ণ আশা কৰে। আৰু আপুনি এই বিনিয়োগ ২০ বছৰৰ বাবে কৰিছে। SIP কেলকুলেটৰৰ সহায়ত ইয়াৰ ওপৰত লাভ কৰিবলগীয়া মুঠ ৰিটাৰ্ণৰ কথা ক'লে, আপুনি ২০ বছৰৰ অন্তত ৬৮,২১,৭৯৭.৩৮৭ টকাৰ গৰাকী হ'ব পাৰে। অৱশ্যে ইয়াত এটা কৌশলৰ সহায়ত আপুনি ইয়াক ১ কোটি টকালৈ ৰূপান্তৰ কৰিব পাৰে।
১ কোটি টকাৰ পুঁজি কেনেদৰে সৃষ্টি কৰিব -
যদি আপুনি ইয়াক ১ কোটি টকালৈ ৰূপান্তৰ কৰিব বিচাৰে, তেন্তে আপুনি প্ৰতি মাহে ৫০০ টকাৰ টপআপ বৃদ্ধি কৰিব লাগিব, যাৰ জৰিয়তে আপুনি সহজে কোটিপতি হ'ব পাৰিব । যদি আপুনি এই কৌশলটো ব্যৱহাৰ কৰে, তেন্তে আৰম্ভণিতে প্ৰতি মাহে কৰা ৪,৫০০ টকাৰ বিনিয়োগে আপোনাক ২০ বছৰৰ পিছত ম্যাদপূৰ্তিৰ সময়ত ১,০৭,২৬,৯২১.৪০৫ টকা দিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|