Reliance Jioৰ আকৰ্ষণীয় প্ৰি–পেইড প্লেন, লাভ কৰক দৈনিক 2GBৰ পৰা 5GB পৰ্যন্ত ডাটা

আজি আমি আপোনাক এনেকুৱা কিছুমান প্লেনৰ বিষয়ে জনাম য’ত দৈনিক ২ জিবিতকৈ অধিক ডাটা লাভ কৰে ব্যৱহাৰকাৰীয়ে।

News18-Assam
Updated:November 7, 2019, 7:17 AM IST
Reliance Jioৰ আকৰ্ষণীয় প্ৰি–পেইড প্লেন, লাভ কৰক দৈনিক 2GBৰ পৰা 5GB পৰ্যন্ত ডাটা
আজি আমি আপোনাক এনেকুৱা কিছুমান প্লেনৰ বিষয়ে জনাম য’ত দৈনিক ২ জিবিতকৈ অধিক ডাটা লাভ কৰে ব্যৱহাৰকাৰীয়ে।
News18-Assam
Updated: November 7, 2019, 7:17 AM IST
Reliance Jio আকৰ্ষণীয় প্লেনৰ বাবে পৰিচিত। জিঅ’ অহাৰ পিছৰে পৰা ফ্ৰী আনলিমিটেড কলিঙৰ আঁচনি আৰম্ভ হৈছে। আজি আমি আপোনাক এনেকুৱা কিছুমান প্লেনৰ বিষয়ে জনাম য’ত দৈনিক ২ জিবিতকৈ অধিক ডাটা লাভ কৰে ব্যৱহাৰকাৰীয়ে।

দৈনিক ২ জিবি ডাটা
দৈনিক ২জিবি ডাটাত জিঅ’ৰ আছে ১৯৮, ৩৯৮, ৪৪৮ আৰু ৪৯৮ টকাৰ চাৰিটা প্লেন। ১৯৮ টকাৰ প্লেনট আপুনি ২৮ দিনৰ ভেলিটিডী আৰু আনলিমিটেড ফ্ৰী কলিঙৰ লগতে ১০০ এছএমএছ লাভ কৰিব। আনহাতে ৩৯৮ টকাৰ প্লেনত গ্ৰাহকে লাভ কৰিব ২ জিবি ডাটাৰ লগতে ৭০ দিনৰ ভেলিডিটী।

৪৪৮ টকাৰ প্লেনত গ্ৰাহকে ৮৪ দিনৰ ভেলিডিটীৰ লগতে দৈনিক ২ জিবি ডাটা লাভ কৰে। লগতে আনলিমিটেড কলিং, প্ৰতিদিনে ১০০ ফ্ৰী এছএমএছ আৰু জিঅ’ এপৰ ছাবস্ক্ৰিপচনৰ দৰে লাভ পাব। আনহাতে ৪৯৮ৰ প্লেনত ৯১ দিনৰ ভেলিডিটীৰ লগতে ৪৪৮ৰ সকলো সুবিধা লাভ কৰিব গ্ৰাহকে।

দৈনিক ৩ জিবি ডাটা
যদি আপুনি ৩জিবি ডাটাৰ প্লেন বিচাৰে তেন্তে ২৯৯ টকাৰ পেক ল’ব লাগিব। ২৮ দিনৰ ভেলিডিটীৰ সৈতে উপলব্ধ এই প্লেনত ছাবস্ক্ৰাইবাৰে দৈনিক ৩ জিবি ডাটা লাভ কৰে। লগতে আনলিমিটেড কলিংৰ লগতে দৈনিক ১০০ ফ্ৰী এছএমএছ আৰু জিঅ’ এপৰ ফ্ৰী ছাবস্ক্ৰিপচন লাভ কৰিব।

দৈনিক ৪ জিবি আৰু ৫ জিবি ডাটা

দৈনিক ৪ জিবি ডাটাৰ বাবে আপুনি জিঅ’ৰ ৫০৯ টকাৰ প্লেন ল’ব পাৰে। এই প্লেনত আপুনি দৈনিক ৪ জিবি ডাটা ২৮ দিনৰ ভেলিডিটীৰ সৈতে লাভ কৰিব। যদি আপোনাক দৈনিক ৫ জিবি ডাটা লাগে তেন্তে আপুনি ৭৯৯ টকাৰ প্লেন ল’ব পাৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ জিঅ’ই আনলিমিটেড কলিঙৰ নিয়ম সলনি কৰিছে। এতিয়া আপুনি অন্য নেটৱৰ্কৰ নম্বৰত কল কৰিবলৈ IUC টপআপ ৰিচাৰ্জ কৰিব লাগিব।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি