২২বছৰ বয়সৰ পৰা এনেকৈ কৰক বিনিয়োগ, ৪২বছৰলৈ আৰামত জমা হ’ব ৫কোটি টকা

২১–২২ বছৰ বয়সত ভৱিষ্যৎ পৰিকল্পনা কৰিলে ৪২বছৰলৈ ৫কোটি টকা জমা হ’ব।

news18
Updated:May 1, 2019, 8:03 AM IST
২২বছৰ বয়সৰ পৰা এনেকৈ কৰক বিনিয়োগ, ৪২বছৰলৈ আৰামত জমা হ’ব ৫কোটি টকা
২১–২২ বছৰ বয়সত ভৱিষ্যৎ পৰিকল্পনা কৰিলে ৪২বছৰলৈ ৫কোটি টকা জমা হ’ব।
news18
Updated: May 1, 2019, 8:03 AM IST





ভৱিষ্যতৰ চিন্তাই প্ৰত্যেককে উদ্বিগ্ন কৰি তোলে। উন্নত ভৱিষ্যতৰ কাৰণে প্ৰতিদিনে সকলোৱে চেষ্টা কৰি আছে। কিন্তু প্ৰতিদিনে আকাশলংঘী মূল্যবৃদ্ধিয়ে স্বাস্থ্য, বাসস্থান আদি প্ৰয়োজনৰ সকলো দিশ কষ্টসাধ্য কৰি তুলিছে। সময়ৰ লগে লগে মানুহৰ প্ৰয়োজনো বৃদ্ধি পাইছে। এইবোৰ কাৰণতে কম বয়সত ভৱিষ্যত পৰিকল্পনা কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। ইয়াৰ কিছু টিপছঃ

কম বয়সত বিনিয়োগ কৰা আৰম্ভ কৰক

ভৱিষ্যতে বুজন পৰিমাণৰ অৰ্থ গোটাবলৈ কম বয়সতে উপযুক্ত বিনিয়োগ কৰাটো দৰকাৰ। উদাহৰণস্বৰূপে কোনোবাই ়যদি ২১–২২বছৰ বয়সত ২০বছৰীয়া এক পৰিকল্পনা কৰে আৰু নিয়মানুৱৰ্তিতা ৰাখি বিনিয়োগ কৰি যায় তেনেহ’লে ৪২বছৰ বয়সত তেওঁ অনায়সে বিচৰা ধন গোটাব পাৰিব।


এছআইপি ভাল উপায়ঃ

ষ্টক মাৰ্কেটত উত্থান–পতন হৈ থাকে গতিকে এনেকুৱাত এছআইপি এনে এক পদ্ধতি য’ত আপুনি কম সময়ত প্ৰয়োজনীয় অৰ্থ সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব। মিউচুৱেল ফাণ্ডত ধন জমা কৰিলে গড়ে আপুনি ১২ৰ পৰা ১৫শতাংশ ৰিটাৰ্ণ আশা কৰিব পাৰে।

ৰিটাৰ্ণৰ ওপৰত বিনিয়োগ নিৰ্ভৰ কৰেঃ









১৫শতাংশ ৰিটাৰ্ণ পাবলৈ ২০বছৰত ৫কোটি টকা জমা কৰিবলৈ আপুনি প্ৰতি মাহে ৩৩,০০০ টকা জমা কৰিব লাগিব। যদিহে ১২শতাংশ ৰিটাৰ্ণৰ আশা কৰে তেনেহ’লে ২০বছৰত ৫কোটি টকা জমা কৰিবলৈ আপুনি প্ৰতিমাহে প্ৰায় ৫০,০০০টকা জমা কৰিব লাগিব।

দুই–তিনিটা মিউচুৱেল ফাণ্ডৰ নিৰ্বাচন কৰকঃ

প্ৰায়ে দুটা–তিনিটা মিউচুৱেল ফাণ্ড বাচি লোৱাটো বুদ্ধিমানৰ কাম, আপুনি নিজৰ পৰ্টফলিঅ’ দুই–তিনিটাৰ মাজতে সীমাৱদ্ধ কৰি ৰাখক যাতে ভালকৈ পৰিচালনা কৰিব পাৰে। এই প্ৰক্ৰিয়াত আপুনি ফাইনেন্সিয়েল এক্সপাৰ্টৰ সহায়ত উন্নত ট্ৰেক ৰেকৰ্ড আৰু ভাল ৰিটাৰ্ণ দিব পৰা স্মল কেপ স্কীম, মিডকেপ, ইনফ্ৰাষ্টকচাৰ স্কীম আদিত বিনিয়োগ কৰিব পাৰে।

কম বয়সত জীৱন সুৰক্ষাৰ পলিচী

২১–২২বছৰ বয়সত জীৱন বীমা কৰাটো সকলোতকৈ উত্তম, কিয়নো এই বয়সত আপোনাৰ প্ৰীমিয়াম কমকৈ দিব লাগে, ইয়াৰ ওপৰিউ আপুনি কম প্ৰীমিয়ামৰ ওপৰত অধিক পৰিমাণৰ পলিচী ল’ব পাৰে।উদাহৰণস্বৰূপে ৩০বছৰ বয়সত যদি ৫লাখ টকাৰ পলিচী লয় তেনেহ’লে আপুনি বছৰি ১৫হাজাৰ টকাকৈ প্ৰীমিয়াম দিব লাগে কিন্তু যদি ২১–২২বছৰ বয়সত পলিচী ক্ৰয় কৰে তেনেহ’লে আপুনি বছৰি ৭–৮হাজাৰ টকা বা তাতোকৈ কম টকাত পলিচী ক্ৰয় কৰিব পাৰে।

ঘৰ কিনাৰ সিদ্ধান্তঃ

ভাৰতত সাধাৰণতে মানুহে অধিক বয়সত ঘৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে, কিন্তু কম বয়সত ৰিস্ক লোৱাৰ ক্ষমতা অধিক হয়। আপুনি অধিক বছৰৰ অৰ্থাৎ ২০বছৰৰ সলনি ৩০বছৰৰ কাৰণে বেংক লোন ল’ব পাৰে। ইমানেই নহয়, যিহেতু আপোনাৰ ওচৰত সময় বেছি সেইকাৰণে আপুনি ৫বা ১০বছৰ পিছত ঘৰটো বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলেও আপুনি ভাল ৰিটাৰ্ণ লাভ কৰিব।














আৰু চাওক পৰৱৰ্তী বাতৰি