মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Brown Rice for Weight Loss: তিনিওবেলা পেট ভৰাই ভাত খোৱাৰ পিছতো ওজন বঢ়াৰ চিন্তা নাই, যদিহে খাই এইদৰে

Brown Rice for Weight Loss: তিনিওবেলা পেট ভৰাই ভাত খোৱাৰ পিছতো ওজন বঢ়াৰ চিন্তা নাই, যদিহে খাই এইদৰে

এই চাউল দিনত তিনিবেলা খালেও ওজন নাবাঢ়ে আৰু ৰক্ত শৰ্কৰাও নিয়ন্ত্ৰণত থাকে। ব্ৰাউন ৰাইচত কেলৰীৰ পৰিমাণ একেবাৰেই কম থাকে।

এই চাউল দিনত তিনিবেলা খালেও ওজন নাবাঢ়ে আৰু ৰক্ত শৰ্কৰাও নিয়ন্ত্ৰণত থাকে। ব্ৰাউন ৰাইচত কেলৰীৰ পৰিমাণ একেবাৰেই কম থাকে।

এই চাউল দিনত তিনিবেলা খালেও ওজন নাবাঢ়ে আৰু ৰক্ত শৰ্কৰাও নিয়ন্ত্ৰণত থাকে। ব্ৰাউন ৰাইচত কেলৰীৰ পৰিমাণ একেবাৰেই কম থাকে।

  • Share this:
ওজন কমাব বিচাৰিলে প্ৰথমে তালিকাৰ পৰা ভাত বাদ দিব লাগিব। অধিকাংশই এই পৰামৰ্শ দিয়ে। সেয়ে মানুহৰ ধাৰণা হৈছে ভাত খালেই ওজন বাঢ়িব। ভাত খালে যে ওজন বাঢ়ে এই কথা ঠিক, কিন্তু সেয়া হ’ল বগা চাউলৰ ক্ষেত্ৰত। এই চাউলত শৰ্কৰাৰ পৰিমাণ অধিক থাকে। আৰু সেয়ে প্ৰয়োজন হ’লে ব্ৰাউন ৰাইচ খাওক।

এই চাউল দিনত তিনিবেলা খালেও ওজন নাবাঢ়ে আৰু ৰক্ত শৰ্কৰাও নিয়ন্ত্ৰণত থাকে। ব্ৰাউন ৰাইচত কেলৰীৰ পৰিমাণ একেবাৰেই কম থাকে। লগতে এণ্টিঅক্সেডেণ্ট আৰু ফাইবাৰৰ পৰিমাণো বেছি থাকে। ব্ৰাউন ৰাইচত ফাইবাৰ যিহেতু বেছি থাকে সেয়ে ই পাচন ক্ৰিয়া বৃদ্ধি কৰে। ফলত হজম ভাল হয়, অন্ত্ৰ ঠিকে থাকে। আৰু হজম ভাল হ’লে ওজন কমিবই। ব্ৰাউন ৰাইচেৰে সাধাৰণভাৱেও ভাত বনাই খাব পাৰে। ইয়াৰ উপৰি ব্ৰাউন ৰাইচেৰে পনাব পাৰে ৱান পট মিল। অফিচৰ টিফিনতো খাবলৈ ভাল লাগিব।

এই চাউল ভালদৰে ধুই পানীত অন্তত এঘণ্টা তিয়াই ৰাখক। তাৰ পিছত প্ৰেছাৰ কুকাৰত ঘিউ গৰম কৰক। ঘিউ গৰম হ’লে গোটা গৰম মচলা, জালুক, জিৰা দি লৰাই দিয়ক। এতিয়া পিঁয়াজ দি ভালকৈ লৰাই থাকক। পিঁয়াজখিনি ভজা হ’লে ইয়াত আধা কাপ মটৰ, ফুলকবি, গাজৰ, বিন আদি দি লৰাই ঢাকি দিয়ক। সোৱাদমতে, নিমখ আৰু জিৰা গুৰি মিহলাই চাউল দিয়ক। সিদ্ধ হ’লে নমাই দিয়ক। এই চাউল আপুনি খিচিৰি বনায়ো খাব পাৰে।

শেহতীয়া বাতৰি