ৰঙা জলকীয়া নে সেউজীয়া জলকীয়া? কোনবিধ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী?

News18 Assam | News18-Assam
Updated:April 12, 2021, 12:28 PM IST
ৰঙা জলকীয়া নে সেউজীয়া জলকীয়া? কোনবিধ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী?
আপুনি জানেনে আপোনাৰ স্বাস্থ্যৰ বাবে কেনে ধৰণৰ জলকীয়া উপকাৰী?

আপুনি জানেনে আপোনাৰ স্বাস্থ্যৰ বাবে কেনে ধৰণৰ জলকীয়া উপকাৰী?

  • Share this:
খাদ্যত সোৱাদ বাবে জলকীয়া ব্যৱহাৰ কৰা হয়। জলকীয়া অবিহনে যিকোনো ভাৰতীয় খাদ্যই অসম্পূৰ্ণ হৈ পৰে। বহু লোকে খাদ্যত ৰঙা জলকীয়াৰ তৰ্কা ভাল পায়, আনফালে আন একাংশৰ আকৌ কেঁচা জলকীয়া খোৱাৰ অভ্যাস থাকে। ভিটামিন আৰু খনিজ পদাৰ্থসমৃদ্ধ জলকীয়াই আমাৰ দৈনন্দিন আহাৰ সুস্বাদু কৰি তোলে।

এফালে ৰঙা জলকীয়া গুৰি হিচাপে ব্যৱহাৰ কৰা হয়, আনফালে আকৌ সেউজীয়া জলকীয়া পিচি বা কাটি খোৱা হয়। কিন্তু আপুনি জানেনে আপোনাৰ স্বাস্থ্যৰ বাবে কেনে ধৰণৰ জলকীয়া উপকাৰী?

ভাৰতীয় পৰিয়ালত সাধাৰণতে দুই প্ৰকাৰৰ জলকীয়া ব্যৱহাৰ কৰা হয়। ৰঙা জলকীয়া আৰু সেউজীয়া জলকীয়া। দুয়োৰে সোৱাদ আৰু স্বাস্থ্যৰ লাভালাভ বেলেগ বেলেগ। যেতিয়া সেউজীয়া জলকীয়াৰ পানী শুকাই যায় তেতিয়া ই ৰঙা হৈ পৰে আৰু সেউজীয়া জলকীয়াতকৈ অধিক জ্বলা আৰু মচলাযুক্ত হৈ পৰে। দুবিধ জলকীয়াৰ কোনবিধ ভাল, তাৰ ওপৰত এক বিতৰ্ক অব্যাহত আছে। সকলো ঠাইৰ মানুহে তেওঁলোকৰ বিভিন্ন মতামত প্ৰকাশ কৰিছে, যিয়ে সাধাৰণ মানুহক বিভ্ৰান্ত কৰি তুলিছে। অস্পষ্টতা সত্ত্বেও, মানুহে ৰঙা জলকীয়াৰ সলনি সেউজীয়া জলকীয়া সেৱন কৰা আৰম্ভ কৰিছে। গতিকে এই প্ৰতিবেদনৰ মাধ্যমেৰে জানি লওক কোনবিধ জলকীয়া আপোনাৰ স্বাস্থ্যৰ বাবে অধিক ভাল।

স্বাস্থ্যৰ বাবে ৰঙা জলকীয়া নে সেউজীয়া জলকীয়া-

ৰঙা জলকীয়াতকৈ সেউজীয়া জলকীয়া আপোনাৰ স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা হয়। দৰাচলতে, সেউজীয়া জলকীয়াত পানীৰ পৰিমাণ অধিক আৰু কেলৰি নগণ্য। যিসকলে ওজন হ্ৰাস কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে ই অতি লাভজনক। সেউজীয়া জলকীয়াত বিটা কেৰোটিন, এণ্টিঅক্সিডেণ্ট আৰু এণ্ডোৰ্ফিন পৰ্যাপ্ত পৰিমাণে থাকে, আনহাতে ৰঙা জলকীয়াৰ ফলত পেটৰ জ্বলন হয়, যি আলচাৰৰ লক্ষণ। বজাৰৰ পৰা ক্ৰয় কৰা ৰঙা জলকীয়াত কৃত্ৰিম ৰং যোগ দিয়াৰ ফলত ইয়ে আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰে।

সেউজীয়া জলকীয়াৰ লাভালাভ-

ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে -

সেউজীয়া জলকীয়া হৈছে ডায়েবেটিচৰ বাবে সৰ্বশ্ৰেষ্ঠ চিকিৎসাৰ এক ৰূপ। সেউজীয়া জলকীয়াৰ নিয়মীয়া সেৱনে ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই ব্লাড চুগাৰৰ স্তৰ সন্তুলিত কৰাটো অত্যন্ত সহজ কৰি তোলে।

হজম বৃদ্ধি কৰে-

ডাইট্ৰী ফাইবাৰেৰে সমৃদ্ধ সেউজীয়া জলকীয়াই উন্নত হজমত সহায় কৰে। জলকীয়াত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি-য়ে অন্ত্ৰৰ চলাচল সহজ কৰি তোলে৷

ওজন হ্ৰাস -

ওজন হ্ৰাস কৰিবলৈ সেউজীয়া জলকীয়া খোৱাটো ভাল। ই কেলৰি দহনৰ লগতে হজম ক্ষমতা বৃদ্ধি কৰে।

হৃদযন্ত্ৰ স্বাস্থ্যবান কৰি ৰাখিব-

সেউজীয়া জলকীয়াত উপলব্ধ পৰ্যাপ্ত বিটা কেৰোটিনে হৃদযন্ত্ৰৰ কাম কৰাৰ ক্ষমতা উন্নত কৰে। লগতে সেউজীয়া জলকীয়া ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ ক্ষেত্ৰতো উপকাৰী।

ৰঙা জলকীয়াৰ লাভালাভ-

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে - পটাছিয়ামৰ দৰে উপাদানেৰে সমৃদ্ধ ৰঙা জলকীয়া ব্যৱহাৰে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

কেলৰি দহন - ৰঙা জলকীয়াত কেপচাইচিন নামৰ এক যৌগ থাকে, যিয়ে কেলৰি দহন প্ৰক্ৰিয়া ত্বৰান্বিত কৰে। ই শৰীৰৰ বিপাক বৃদ্ধি কৰি আপোনাক পোনপটীয়াকৈ কেলৰি দহন কৰাত সহায় কৰে।

হৃদৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰক - ৰঙা জলকীয়া খালে হৃদৰোগৰ আশংকা হ্ৰাস হয়। ইয়াক খোৱাৰ ফলত তেজ গোট মৰা প্ৰতিহত হয় আৰু ইয়ে শৰীৰত ৰক্ত সঞ্চালন বজাই ৰাখে।

খাদ্যৰ স্বাস্থ্য বৰ্ধক কি সেউজীয়া জলকীয়া নে ৰঙা জলকীয়া ?

সেউজীয়া আৰু ৰঙা জলকীয়া দুয়োটাৰে নিজা লাভালাভ আছে। ডাঙৰ কথাটো হ'ল সেইবোৰ খাদ্যত কেনেদৰে খাব লাগে সেয়াহে গুৰুত্বপূৰ্ণ। সেউজীয়া জলকীয়া মানুহে কেঁচা খায়, কিন্তু ৰঙা জলকীয়াৰ ক্ষেত্ৰত এনে নহয়। ৰঙা জলকীয়াবোৰ পাউডাৰ হিচাপে ব্যৱহাৰ কৰা হয়।

ৰঙা জলকীয়াত ভেজালৰ সম্ভাৱনা বৃদ্ধি, সেয়েহে ই শৰীৰৰ বাবে ক্ষতিকাৰক। অৱশ্যে, কিছুমান ৰেষ্টুৰেণ্টে সেউজীয়া জলকীয়া শুকুৱাই ইয়াক গুৰি কৰি খাদ্যত যোগ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। ই সম্পূৰ্ণৰূপে ৰাসায়নিক মুক্ত আৰু লগতে স্বাস্থ্যৰ বাবেও ভাল।

শুকান ৰঙা জলকীয়া নে ৰঙা জলকীয়া গুৰি ভাল -

ৰঙা জলকীয়া গুৰিৰ তুলনাত সম্পূৰ্ণ শুকান ৰঙা জলকীয়া স্বাস্থ্যৰ বাবে উপকাৰী । মূলতঃ ই শুকান সেউজীয়া জলকীয়া। ইয়াক মচলাৰ বাবে কম আৰু সোৱাদৰ বাবে বেছি ব্যৱহাৰ কৰা হয়। গতিকে ৰঙা জলকীয়া গুৰিৰ সলনি শুকান ৰঙা জলকীয়া ব্যৱহাৰ কৰাটো অধিক সুৰক্ষিত।

জলকীয়া খোৱাৰ সঠিক উপায় -

ৰঙা জলকীয়া আৰু সেউজীয়া জলকীয়া খোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল সেইবোৰ কেঁচা কৈ খোৱা। ইয়াৰ গুৰিবোৰ ভেজাল হোৱাৰ সম্ভাৱনা থাকে। যেতিয়াই আপুনি জলকীয়া ক্ৰয় কৰে, সেইবোৰ ৰেফ্ৰিজেৰেটৰত ৰাখক যাতে ই সতেজ হৈ থাকে।
Published by: Sanjay Kumar Das
First published: April 12, 2021, 12:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি