গ্ৰীষ্মকালত জামু খোৱাৰ বাবেই নহয়, ব্যৱহাৰ কৰক চুলি আৰু ছালৰ যত্নৰ বাবেও, ইয়াৰ আছে বহু উপকাৰিতা

News18 Assam | News18-Assam
Updated:June 10, 2021, 4:32 PM IST
গ্ৰীষ্মকালত জামু খোৱাৰ বাবেই নহয়, ব্যৱহাৰ কৰক চুলি আৰু ছালৰ যত্নৰ বাবেও, ইয়াৰ আছে বহু উপকাৰিতা
Image/ shutterstock

চুলিক শক্তিশালী কৰিবলৈ, খহটা আঁতৰ কৰি চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ, উফি আঁতৰাবলৈ আৰু চুলিৰ বিকাশ বৃদ্ধি কৰিবলৈ জামু ব্যৱহাৰ কৰিব পাৰি।

  • Share this:
জামু শৰীৰৰ বাবে ভিন্ন ধৰণে উপকাৰী সেয়া আমি সকলোৱে জানো। কেৱল জামুৱেই নহয়, ইয়াৰ বীজটোৱেও কিদৰে ডায়েবেটিচ নিয়ন্ত্ৰণৰ পৰা আদি কৰি ভিন্ন স্বাস্থ্য সমস্যা দূৰ কৰাত সহায় কৰে সেই বিষয়েও বহুতেই অৱগত। কিন্তু আপুনি জানেনে জামুৱে যে কেৱল স্বাস্থ্যৰ বাবেই নহয় চুলি আৰু ছাল আদিকো বিভিন্ন ধৰণৰ লাভালাভ প্ৰদান কৰে? যদি আপুনি ইয়াৰ বিষয়ে অৱগত নহয়, তেন্তে জানি লওক চুলি আৰু ছালক কিদৰে সহায় কৰে জামুৱে -

ছালৰ ব্ৰুণ (ফোহা)আঁতৰ কৰে -

ব্রণ আঁতৰাবলৈ জামু ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে আঠৰ পৰা দহটা জামু লৈ প্ৰথমে ইয়াক ধুই লওক। তাৰ পিছত ইয়াৰ বীজ আঁতৰাই পৃথক কৰক আৰু ইয়াৰ ৰস উলিয়াই লওক। কপাহৰ বল এটাৰ সহায়ত এই ৰস মুখত প্ৰয়োগ কৰক। বিশ মিনিটৰ পিছত আপোনাৰ মুখখন সাধাৰণ পানীৰে ধুই দিয়ক।

ছালৰ পৰা দাগ নোহোৱা কৰে -

ছালৰ পৰা দাগ আঁতৰাবলৈ আৰু ছালখন পৰিষ্কাৰ কৰিবলৈ আঠৰ পৰা দহটা জামু লওক । ইয়াৰ বীজ আঁতৰ কৰি লওক আৰু জামুৰ ৰস উলিয়াই লওক। এই ৰসত সাতৰ পৰা আঠ টোপাল মৌ যোগ দিয়ক আৰু সেইবোৰ ভালদৰে মিহলি কৰক। এতিয়া এই মিশ্ৰণটো কপাহৰ সহায়ত মুখত প্ৰয়োগ কৰক। ইয়াক পোন্ধৰ মিনিটৰ বাবে এৰি দিয়ক আৰু তাৰ পিছত পানীৰে ধুই দিয়ক।

ছালৰ পৰা তেল আঁতৰাবলৈ -

যদি আপোনাৰ ছাল অত্যধিক তৈলাক্ত হয়, ইয়াক স্বাভাৱিক কৰিবলৈ সাত বা আঠটা জামুৰ ৰস উলিয়াই লওক। আঠৰ পৰা দহ টোপাল চাউলৰ পানী আৰু একে সংখ্যক আমলখিৰ ৰস যোগ দিয়ক। সেই সকলোবোৰ ভালদৰে মিহলি কৰক। এই মিশ্ৰণটো কপাহৰ বল এটাৰে মুখত প্ৰয়োগ কৰক। বিশ মিনিটৰ পিছত আপোনাৰ মুখ ধুই দিয়ক।

হেয়াৰ মাস্কৰে চুলিয়ে লাভ কৰে বহু লাভালাভ -

চুলিক শক্তিশালী কৰিবলৈ, খহটা আঁতৰ কৰি চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ, উফি আঁতৰাবলৈ আৰু চুলিৰ বিকাশ বৃদ্ধি কৰিবলৈ জামু ব্যৱহাৰ কৰিব পাৰি। কিন্তু ইয়াক পোনপটীয়াকৈ চুলিত ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে আন কিছুমান সামগ্ৰীৰ সহায়েৰে চুলিৰ বাবে মাস্ক প্ৰস্তুত কৰিব লাগে। ইয়াৰ বাবে চাৰি বা পাঁচটা জামুৰ বীজ লওঁক আৰু সেইবোৰ শুকুৱাওক আৰু পাউডাৰ এটা তৈয়াৰ কৰিবলৈ মিহিকৈ গুৰি কৰক। যদি এয়া সম্ভৱ নহয়, তেন্তে যিকোনো ভেষজ দোকানৰ পৰা জামুৰ বীজৰ পাউডাৰ ক্ৰয় কৰিব পাৰিব। মাস্ক বনাবলৈ চাৰিৰ পৰা পাঁচ চাহ চামুচ মেহেন্দি লওক, এক চামুচ দৈ আৰু এক চামুচ মৌ আৰু এক চামুচ জামুৰ বীজৰ পাউডাৰ যোগ দিয়ক। সেই সকলোবোৰ ভালদৰে মিহলি কৰক আৰু এটা ডাঠ পেষ্ট প্ৰস্তুত কৰক। তাৰ পিছত এই পেষ্টটো আপোনাৰ মূৰৰ ছাল আৰু চুলিত ভালদৰে প্ৰয়োগ কৰক। ইয়াক দুঘণ্টাৰ বাবে এৰি দিয়ক আৰু তাৰ পিছত চেম্পু কৰক।
Published by: Sanjay Kumar Das
First published: June 10, 2021, 4:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি