মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»অভিনৱ বিন্দ্ৰাক সাক্ষাৎ নীৰজ চোপ্ৰাৰ, উপহাৰ হিচাপে নীৰজে পালে ‘টকিঅ’ক

অভিনৱ বিন্দ্ৰাক সাক্ষাৎ নীৰজ চোপ্ৰাৰ, উপহাৰ হিচাপে নীৰজে পালে ‘টকিঅ’ক

News18 Assam | News18-Assam
Updated:September 24, 2021, 4:34 PM IST
অভিনৱ বিন্দ্ৰাক সাক্ষাৎ নীৰজ চোপ্ৰাৰ, উপহাৰ হিচাপে নীৰজে পালে ‘টকিঅ’ক
বিন্দ্ৰা আৰু তেওঁৰ পৰিয়ালৰ আতিথ্যক ধন্যবাদ জনাই নীৰজে পুনৰ লিখে – 'টকিঅ’ৰ কাৰণে ধন্যবাদ ইয়াক মই সদায় মৰমৰে প্ৰতিপালন কৰিম।’ 

বিন্দ্ৰা আৰু তেওঁৰ পৰিয়ালৰ আতিথ্যক ধন্যবাদ জনাই নীৰজে পুনৰ লিখে – 'টকিঅ’ৰ কাৰণে ধন্যবাদ ইয়াক মই সদায় মৰমৰে প্ৰতিপালন কৰিম।’ 

  • News18 Assam
  • Last Updated: September 24, 2021, 4:34 PM IST
  • Share this:
বুধবাৰে টকিঅ’ অলিম্পিকত জেভলিন থ্ৰ’ত সোণৰ পদক আঁজুৰি অনা নীৰজ চোপ্ৰাই সাক্ষাৎ কৰে ২০০৮ চনৰ বেইজিং অলিম্পিকত স্বৰ্ণপদক লাভ কৰা অভিনৱ বিন্দ্ৰাক।  Shootingত সোণৰ পদক লাভ কৰা বিন্দ্ৰাই নীৰজক ‘টকিঅ’ নামৰ কুকুৰ পোৱালি এটা উপহাৰ দিয়ে। টুইটাৰ নীৰজ চোপ্ৰাই লিখিছে – “আজি মই অলিম্পিক পদকটোক বেইজিঙৰ জ্যেষ্ঠ সহোদৰজনক লগ পোৱাবলৈ লৈ গৈছিলো।’’ বিন্দ্ৰা আৰু তেওঁৰ পৰিয়ালৰ আতিথ্যক ধন্যবাদ জনাই নীৰজে পুনৰ লিখে – 'টকিঅ’ৰ কাৰণে ধন্যবাদ ইয়াক মই সদায় মৰমৰে প্ৰতিপালন কৰিম।’

নীৰজৰ টুইটৰ প্ৰত্যুত্তৰ দি অভিনৱ বিন্দ্ৰাই লিখিছে – “গোটেই প্ৰক্ৰিয়াটোৱেই হৈছে সোণৰ কাৰণে লক্ষ্য স্থিৰ কৰা। আৰু এই চিন্তাত আমি দুয়ো একমত।’’ বিন্দ্ৰাই লগতে আশা কৰে – তেওঁ দিয়া উপহাৰটোৱে নীৰজক ‘পেৰিচ’ নামৰ ভাতৃ এটা লাভ কৰাত প্ৰেৰণা যোগাব।
Published by: Sanjay Kumar Das
First published: September 24, 2021, 4:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি