যিকোনো কম্পিউটাৰৰ পৰা Aadhar ডাউনলোড কৰোতে সাৱধান! বৃহৎ লোকচান হ’ব পাৰে

UIDAI–এ টুইট কৰি জনাইছে যিকোনো ৰাজহুৱা কম্পিউটাৰৰ পৰা আধাৰ ডাউনলোড কৰোতে কেনেকৈ সাৱধান হ’ব লাগে।


Updated:May 5, 2019, 11:34 AM IST
যিকোনো কম্পিউটাৰৰ পৰা Aadhar ডাউনলোড কৰোতে সাৱধান! বৃহৎ লোকচান হ’ব পাৰে
ফাইল ছবি

Updated: May 5, 2019, 11:34 AM IST
যিকোনো কম্পিউটাৰৰ পৰা আধাৰ ডাউনলোড কৰিবলৈ যদি লৈছে তেনেহ’লে এই খবৰ আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আধাৰ কাৰ্ড জাৰি কৰা UIDAI–এ আধাৰ ডাউনলোড কৰাসকলক সাৱধান কৰি দিছে। টুইটাৰত UIDAI–এ প্ৰকাশ কৰা অনুসৰি এতিয়া যদি আপুনি যিকোনো ৰাজহুৱা কম্পিউটাৰৰ পৰা আধাৰ ডাউনলোড কৰে তেনেহ’লে আপুনি কেতবোৰ সাৱধানতা গ্ৰহণ কৰিব লাগে। আধাৰ একমাত্ৰ UIDAI–ৰ অফিচিয়েল ৱেবচাইট eaadhaar.uidiai.gov.in  ৰ পৰাহে ডাউনলোড কৰক।

এই কাম জৰুৰী

UIDAIৰ টুইট অনুসৰি যদি আপুনি ৰাজহুৱা কম্পিউটাৰৰ পৰা ই–আধাৰ ডাউনলোড কৰিছে তেনেহ’লে এই কামকেইটা নিশ্চয় কৰক। ৰাজহুৱা কম্পিউটাৰৰ পৰা ডাউনলোড কৰা আধাৰৰ প্ৰিণ্ট আউট উলিয়াই কম্পিউটাৰত ডাউনলোড হৈ থকা আধাৰৰ কপি ডিলিট কৰক।

স্থায়ীভাৱে ফাইল ডিলিট কৰক

কম্পিউটাৰৰ স্ক্ৰীণ বা ডাউনলোডৰ পৰা ফাইল ডিলিট কৰাৰ পিছত ফাইল ৰিৃচাইকেল বিনত গুচি যায়। ফাইলটো যিকোনো চিষ্টেমৰ পৰা একেবাৰে ডিলিট কৰিবলৈ সেয়া ৰিৃচাইকেল বিনিত গৈ একেবাৰে ডিলিট কৰাটো দৰকাৰ। যদি আপুনি এই কাম নকৰে তেনেহ’লে ৰি–চাইকেল বিনৰ পৰা ফাইলটো পুনৰ ফল্ডাৰলৈ লৈ আনিব পাৰি। সেইকাৰণে ডাউনলোড কৰা আধাৰৰ ফাইল ৰাজহুৱা কম্পিউটাৰৰ পৰা সম্পূৰ্ণ ডিলিট কৰক।

মিনিটত ডাউনলোড কৰক E-Aadhaar

প্ৰথম পৰ্যায়ঃসকলোতকৈ আগত আপুনি ব্ৰাউজাৰত UIDAIৰ ৱেবছাইট https://uidai.gov.in খোলক।

দ্বিতীয় পৰ্যায়ঃইয়াৰ পিছত ‘Download Aadhaar’ ক্লিক কৰক অথবা https://eaadhaar.uidai.gov.in/ এই লিংকটো খোলক।

তৃতীয় পৰ্যায়ঃএতিয়া ইয়াৰ ওপৰত থকা  ‘Enter your personal details’ শাখাত গৈ ‘Aadhaar’ বিকল্পত ক্লিক কৰক।

চতুৰ্থ পৰ্যায়ঃইয়াত ‘Regular Aadhaar’ নিৰ্বাচন কৰক। এতিয়া ইয়াত আধাৰ নম্বৰ, সম্পূৰ্ণ নাম আৰু পিন কোডৰ দৰে তথ্য অন্তৰ্ভুক্ত কৰক। যদি আপোনাৰ ওচৰত  m-Aadhaar আছে তেনেহ’লে আপুনি TOTP या OTP জেনেৰেট কৰিব পাৰে।

পঞ্চম পৰ্যায়ঃএতিয়া ‘Request OTP’–ত ক্লিক কৰক।

ষষ্ঠ পৰ্যায়ঃএতিয়া আপোনাৰ পঞ্জীয়নভুক্ত মোবাইলত ৬টা সংখ্যাৰ OTP আহিব, এই সংখ্যাটো ভৰাওক। সম্পূৰ্ণ হোৱাৰ পিছত  ‘Download Aadhaar’ ত ক্লিক কৰক আৰু E-Aadhaar ডাউনলোড কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি