
এগৰাকী ভাৰতীয় বন সেৱাৰ এগৰাকী বিষয়াই টুইটাৰৰ পোষ্ট কৰা এটা ভিডিঅ'ই সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে।
এগৰাকী ভাৰতীয় বন সেৱাৰ এগৰাকী বিষয়াই টুইটাৰৰ পোষ্ট কৰা এটা ভিডিঅ'ই সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে।
গ্ৰীস্মকালত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ওখ ঠাই বিচাৰি বিভিন্ন প্ৰজাতিৰ সাপে জনাঞ্চললৈ ওলাই আহে। সেয়ে বানপীড়িত অঞ্চলত বহু লোকৰ সৰ্পদংশনত মৃত্যু হোৱাৰ ঘটনা সংঘটিত হয়। কিন্তু শেহতীয়াকৈ ওড়িশাৰ সুশান্ত নন্দা নামৰ এগৰাকী ভাৰতীয় বন সেৱাৰ এগৰাকী বিষয়াই টুইটাৰৰ পোষ্ট কৰা এটা ভিডিঅ'ই সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে।
ভিডিঅ'টোত এপাত সৰু জোতাৰ ভিতৰত এডাল চকৰী ফেটী সাপে আশ্ৰয় লৈ থকা দেখা গৈছে। ওড়িশাৰ ভুৱনেশ্বৰৰ এগৰাকী ব্যক্তিয়ে জোতা পিন্ধিবলৈ গৈ হঠাৎ সাপদাল প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। ইয়াৰ পিছতে বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰে। ভিডিঅ'টোৰ জৰিয়তে বনবিষয়া গৰাকীয়ে গ্ৰীস্মকালত জোতা পৰিধান কৰাৰ সময়ত সকলোকে সাৱধান হ'বলৈ অনুৰোধ জনাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|