মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Battlegrounds Mobile India: PUBGৰ ইণ্ডিয়ান ভাৰ্ছন মুকলি, ১ কোটিৰো অধিক লোকে কৰিলে ডাউনলোড

Battlegrounds Mobile India: PUBGৰ ইণ্ডিয়ান ভাৰ্ছন মুকলি, ১ কোটিৰো অধিক লোকে কৰিলে ডাউনলোড

News18 Assam | News18-Assam
Updated:July 8, 2021, 11:15 AM IST
Battlegrounds Mobile India: PUBGৰ ইণ্ডিয়ান ভাৰ্ছন মুকলি, ১ কোটিৰো অধিক লোকে কৰিলে ডাউনলোড
বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়াৰ বৰ্তমান বিটা ভাৰ্ছনহে মুকলি কৰা হৈছে।

বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়াৰ বৰ্তমান বিটা ভাৰ্ছনহে মুকলি কৰা হৈছে।

  • Share this:
পাবজি ম’বাইল ইণ্ডিয়া (PUBG Mobile India)ৰ ইণ্ডিয়ান ভাৰ্ছন বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়া (Battlegrounds Mobile India) গেম ভাৰতত ২ জুলাইত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই গেমটোৱে ডাউনলোডৰ সকলো অভিলেখ ভংগ কৰিছে। গুগল ষ্টোৰত এই গেম ১০ মিলিয়ন অৰ্থাৎ ১ কোটিৰো অধিক লোকে ডাউনলোড কৰিছে।

এই গেমটো খেলিবলৈ ব্যৱহাৰকাৰীয়ে ইয়াৰ য়াৰ্লি একছেছ এপ ডাউনলোড কৰিব লাগে। বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়াক পাবজি ম’বাইলৰ দৰেই কিছু সালসলনিৰ সৈতে মুকলি কৰা হৈছে। যদি আপুনি পাবজি ম’বাইলৰ অনুৰাগী তেন্তে তাৰ অভাৱ বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়াই পূৰণ কৰিব।

উল্লেখযোগ্য যে পাবজি ম’বাইল ইণ্ডিয়াক বিগত বৰ্ষত ভাৰতত নিষিদ্ধ কৰা হৈছিল। ইয়াৰ পিছতে দক্ষিণ কোৰিয়ান ফৰ্ম ক্ৰাফ্টনে (Krafton) বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়াক ভাৰতত মুকলি কৰে। বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়াৰ বৰ্তমান বিটা ভাৰ্ছনহে মুকলি কৰা হৈছে।

কেনেকৈ ডাউনলোড কৰিব গেম

– Kraftonৰ দ্বাৰা নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰা Google Playৰ লিংক খোলক। ব্যৱহাৰকাৰীয়ে নিজৰ এনড্ৰইড ফোনৰ জৰিয়তে এই লিংকলৈ যাব পাৰিব।

– ইয়াৰ পিছত বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়া ডাউনলোড কৰাৰ বাবে আমন্ত্ৰণ স্বীকাৰ কৰক।

– এবাৰ আমন্ত্ৰণ স্বীকাৰ কৰাৰ পিছত, ব্যৱহাৰকাৰীয়ে পোনে পোনে গেমত লগইন কৰিব পাৰিব যদিহে তেওঁ নিজৰ ডিভাইচত আঘৰে পৰা ডাউনলোড কৰা হৈছে বা Google Playৰ জৰিয়তে গেমটো ডাউনলোড কৰিব পাৰে।

– এবাৰ ডাউনলোড কৰাৰ পিছত ব্যৱহাৰকাৰীক নিজৰ ফেচবুক বা টুইটাৰ একাউণ্টৰ জৰিয়তে গেমত লগইন কৰিবলৈ কোৱা হ’ব।

– বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়াৰ বাবে প্ৰি–ৰেজিষ্ট্ৰেচন ১৮ মে’ৰ পৰা আৰম্ভ হৈছে। ক্ৰাফ্টনৰ বেটেলগ্ৰাউণ্ড ম’বাইল ইণ্ডিয়াৰ মুকলিৰ তাৰিখ নিৰ্ধাৰণ কৰিবলৈ বাকী আছে।
Published by: Sanjay Kumar Das
First published: July 8, 2021, 11:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি